মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সমস্যা সমাধানৰ ইংগিত মোডীৰ

সমস্যা সমাধানৰ ইংগিত মোডীৰ

কৃষকৰ লগত আলোচনাত বহিব

নতুন দিল্লী,২৫ ডিচেম্বৰ: কৃষকসকলৰ আন্দোলনে ৩০ দিনত ভৰি দিয়াৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্দোলনকাৰী কৃষক তথা বিৰোধী দলবোৰৰ লগত আলোচনাত বহিব বুলি জনাইছে ৷ আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে ১৮ হাজাৰ কোটি টকা মোকলাই দি প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰে ৷ কৃষি আইনৰ সপক্ষে মত পোষণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনে কৃষকসকলৰ কোনো ধৰণৰ অপকাৰ নকৰে ৷ মাত্ৰ কিছুসংখ্যক লোকে ৰাজনীতিক মুনাফা লাভৰ বাবে কৃষকসকলক ভুল পথে পৰিচালিত কৰিছে ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়“ মই আজি সুখী যে আমাৰ কৃষকসকলে প্ৰত্যক্ষভাৱে নিজৰ একাউণ্টত পইচা পাইছে ৷ ইয়াত কোনো মধ্যভোগী নাই ৷ এতিয়ালৈকে ১,১০,০০০ টকা এটকাও কাকো কমিছন হিচাপে নিদিয়াকৈ কৃষকৰ একাউণ্টত জমা হৈছে ৷ ”চৰকাৰে প্ৰতি টোপাল পানীৰ বিপৰীতে যাতে শস্য উৎপাদন হয় সেই বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এচাম লোকৰ প্ৰধান উদ্দেশ্য হৈছে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰা আৰু অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰা ৷ (IANS)