শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / সোণাৰি খহাইছে মাফিয়াই

সোণাৰি খহাইছে মাফিয়াই

অবৈধ মাটি খনন অব্যাহত সোণাৰিৰ বিভিন্ন প্ৰান্তত ৷ অভিজিত ভূঞাৰ প্ৰতিবেদন

চৰাইদেউ, ২৫ ডিচেম্বৰ- সোণাৰিত অব্যাহত আছে মাটিৰ অবৈধ খনন কাৰ্য। চৰকাৰী নীতি-নিয়ম উলংঘা কৰি একাংশ লোকে চলাইছে এই মাটি খনন কাৰ্য যাৰ ফলত এতিয়া অতীষ্ঠ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ।

উল্লেখ্য যে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পাৰ্শ্বৱৰ্তী থুকুবিল, গোৱালাপথাৰ, গুটিঘাট, নগানদী বনগাঁও আদি অঞ্চলৰ পাহাৰৰ মাটিত খনন কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে দীৰ্ঘদিন ধৰি যাৰ ফলত ব্যাপক প্ৰভাৱ পৰিছে অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত।

আনহাতে, সোণাৰিৰ ভজো, বৰাহী, সাপেখাতী আদি অঞ্চলতো অব্যাহত আছে অবৈধ মাটি খনন কাৰ্য। চৰকাৰী নীতি-নিয়ম উলংঘা কৰি একাংশ লোকে চলাইছে মাটি খনন। সোণাৰিত বন বিভাগৰ কৰ্মচাৰীৰ সংখ্যা নগণ্য হোৱাৰ সুযোগ লৈ যধে-মধে মাটি খননত ব্যস্ত হৈ পৰিছে একাংশ ভূ-মাফি‌য়া।

বন বিভাগক অন্ধকাৰত ৰাখি থুকুবিলৰ পাহাৰ কাটি বিধ্বস্ত কৰাত প্ৰভাৱ পৰিছে পাৰিপাৰ্শ্বিকতাৰ ওপৰত । ইফালে ভজোত দিচাং নদীৰ পাৰত দিনে-নিশাই অব্যাহত থকা মাটি খননৰ ফলত অঞ্চলটোত গৰাখহনীয়া হোৱাৰ আশংকা কৰা হৈছে।

মন কৰিবলগীয়া যে সময়ে সময়ে বন বিভাগে অবৈধ ভূমাফিয়াৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়ে ভূমাফিয়াই। বৰঞ্চ বন বিভাগৰ লোক তথা সাংবাদিক দেখিলে ভাবুকিহে প্ৰদান কৰে ভূমাফিয়াই। এই সন্দৰ্ভত সোণাৰিৰ বনাঞ্চলিক বিষয়া প্ৰশান্ত কুমাৰ গগৈয়ে কয়, “বন বিভাগৰ তৰফৰপৰা সময়ে সময়ে মাটি খনন কাৰ্যত জড়িত সকলক জৰিমনা বিহা হৈছে যদিও বন কৰ্মীৰ অভাৱ হোৱাৰ সুযোগ গ্ৰহণ কৰি বন বিভাগৰ চকুত ধূলি দি বিভিন্ন ঠাইত মাটি খনন অব্যাহত ৰাখিছে ভূমাফিয়াই।

মাটি খননত জড়িত সকলক পুনৰ সকীয়াই দিয়া হৈছে, অন্যথা বন বিভাগৰ তৰফৰপৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” ইফালে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই বিষয়টোত উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰে অবৈধ মাটি খনন বন্ধ কৰিবলৈ দাবী জনাইছে। সোণাৰি আছুৰ উপদেষ্টা অভিনৱ কলিতাই কয় “বন বিভাগৰ লগত মিতিৰালিৰে ভূ মাফিয়াই অবৈধ মাটি খনন অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ চৰাইদেউ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ ৷”