বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অৰুণাচলত বেলি মাৰ গ’ল জনতা দল(ইউ)ৰ

অৰুণাচলত বেলি মাৰ গ’ল জনতা দল(ইউ)ৰ

নীতিশৰ দলৰ ভবিষ্যত বেয়া বুলি ক’লে তেজপ্ৰতাপে

পাটনা,২৬ ডিচেম্বৰ- জনতা দল (ইউনাইটেড) খুব কম দিনৰ ভিতৰতে শেষ হৈ যাব বুলি আজি ‘ভবিষ্যত বাণী’ কৰিলে বিহাৰৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী তেজ প্ৰতাপ যাদৱে ৷ “জনতা দল ইউনাইটেডৰ ধ্বংস নিশ্চিত ৷ ইতিমধ্যে অৰুণাচলত ইয়াৰ ধ্বংসৰ যাত্ৰা আৰম্ভ হৈছে ৷ দলটোৰ ৬ জন বিধায়কে আজি বিজেপিত যোগদান কৰিছে ৷ ইয়াৰ বেলি সকলোতে মাৰ যাব ৷ বিহাৰতো ই কোনো শুভ ভবিষ্যতৰ ইংগিত বহন কৰা নাই”-এনেদৰে কয় বিহাৰৰ ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদৰ পুত্ৰ তেজ প্ৰতাপ যাদৱে ৷ উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ মুঠ ৭ গৰাকী জনতা দল ইউনাইটেডৰ বিধায়কৰ ৬ গৰাকীয়েই আজি বিজেপিত যোগদান কৰে ৷ বিহাৰৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱেও জনতা দল ইউনাইটেড এক ধূসৰ ভবিষ্যতৰ দিশে আগবাঢ়িছে বুলি মতপোষণ কৰিছে ৷ (IANS)