শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আইন শৃংখলাৰো বুজ ল’লে শ্বাহে

আইন শৃংখলাৰো বুজ ল’লে শ্বাহে

গৃহমন্ত্ৰীয়ে পৰ্যালোচনা কৰিলে আইন শৃংখলাৰ

নতুন দিল্লী,২৬ ডিচেম্বৰ: গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ আইন শৃংখলা পৰিস্থিতিৰ এক পৰ্যালোচনা কৰে ৷ উল্লেখযোগ্য যে তিনি দিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যোৱা নিশা আহি অসমত উপস্থিত হৈছেহি ৷ আজি দিনৰ ভাগত তেওঁ এক চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে আলোচনাত বহে আৰু ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয় ৷ উক্ত পৰ্যালোচনা বৈঠকত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো অংশ গ্ৰহণ কৰে ৷ (IANS)