বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’ভিড নিয়ন্ত্ৰণৰ কৃতিত্ব হিমন্তৰ !

ক’ভিড নিয়ন্ত্ৰণৰ কৃতিত্ব হিমন্তৰ !

বিশ্বৰ ভিতৰতে মৃত্যুৰ হাৰ কম অসমত

গুৱাহাটী,২৬ ডিচেম্বৰ: গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে ৷ আমিনগাঁৱত আজি এক চৰকাৰী সভাত অংশ গ্ৰহণ কৰি অমিত শ্বাহে কয়“ক’ভিড নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই যিখিনি কৰিলে সেইয়া নিতান্তই প্ৰশংসনীয় ৷ ” “অসমৰ ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ ০.৪৭ শতাংশ যিটো সমগ্ৰ বিশ্বৰ ভিতৰতে নিম্ন হিচাপে প্ৰতিপন্ন হৈছে ৷ ৯৮ % লোক সুস্থ হৈ ঘৰলৈ উভতি অহা বিষয়টোৰ বাবেও তেওঁকেই কৃতিত্ব দিব লাগিব”-এনেদৰে কয় শ্বাহে ৷ (IANS)