বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কান্দি থকা বাবেই দলিয়াই দিলে সন্তানক

কান্দি থকা বাবেই দলিয়াই দিলে সন্তানক

নিচুকাব নোৱাৰি দলিয়াই হত্যা কৰিলে সন্তানক

ৰাঁচী,২৬ ডিচেম্বৰ: ঝাৰখাণ্ডৰ মাকচান্দতলি অঞ্চলত আজি এজন পিতৃয়ে কান্দি থকা বাবেই নিজ সন্তানক দলিয়াই হত্যা কৰিলে ৷ উল্লেখযোগ্য যে গৌতম নামৰ ব্যক্তিজনে চিঞৰি চিঞৰি কান্দি থকা ডেৰ বছৰীয়া সন্তানটোক নিচুকাব নোৱাৰি মাটিত জোৰকৈ দলিয়াই দিয়াত শিশুটিয়ে যথেষ্ট আঘাত পায় আৰু শিশুটিৰ ঘটনাস্থলীতে প্ৰাণ বায়ু উৰি যায় ৷

গৌতমৰ পত্নীয়ে কয় যে তেওঁৰ স্বামীয়ে তেওঁলোকৰ দুয়োটা সন্তানকে খুব মৰম কৰে আৰু আজি তেওঁৰ স্বামীয়ে কিয় এনেকুৱা কৰিলে তেওঁ নিজেই ধৰিব পৰা নাই ৷ আনহাতে, আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত গৌতম নিচাসক্ত আছিল ৷ (IANS)