দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / দাবী একেই থাকিব ?

দাবী একেই থাকিব ?

আকৌ আলোচনাত বহিব,কিন্তু দাবী একেটাই

নতুন দিল্লী,২৬ ডিচেম্বৰ: দিল্লী সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদে আজি ৩১ দিনত ভৰি দিলে ৷ কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চই অহা মংগলবাৰে ষষ্ঠ লানি আলোচনাত বহাৰ বাবে সন্মতি প্ৰকাশ কৰিছে ৷ মংগলবাৰে দিনৰ ১১বজাত বিজ্ঞান ভৱনত এই বৈঠক অনুষ্ঠিত হ’ব ৷ কৃষক সংগঠনৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে যে কেৱল আইন বাতিল কৰিটোৱেই হ’ব তেওঁলোকৰ প্ৰথম আৰু শেষ দাবী ৷ অল ইণ্ডিয়া কিষাণ সংঘৰ্ষ সমন্বয় সমিতি হ’ল কৃষক সংগঠন সমূহৰ এক যুটীয়া মঞ্চ ৷ এই মঞ্চই সিংঘু সীমান্তৰ বৈঠকত এক সিন্ধান্ত গ্ৰহণ কৰিছে যে প্ৰথমতে তেওঁলোকে আইন বাতিলৰ বাবে দাবী জনাব আৰু তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে বেলেগ বিষয়বোৰ আলোচনা কৰিব ৷ (IANS)