বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভুৱা প্ৰতিষ্ঠানৰ ভুৱা ঋণ !

ভুৱা প্ৰতিষ্ঠানৰ ভুৱা ঋণ !

আয়কৰ বিভাগৰ অনুসন্ধানত তোলপাৰ অসম

গুৱাহাটী/নতুন দিল্লী,২৬ ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগে অসমৰ তিনি প্ৰতিষ্ঠিত ঠিকাদাৰৰ বিৰুদ্ধে চলোৱা অভিযানত প্ৰায় ১০০কোটি টকাৰ বৃহৎ জালিয়াতি পোহৰলৈ আহিছে ৷ বিগত কেইদিনমানত আয়কৰ বিভাগে দিল্লী,গুৱাহাটী,চিলাপথাৰ তথা পাঠশালাৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত এই তিনি প্ৰতিষ্ঠিত ঠিকাদাৰে অতি শৃংখলাবদ্ধভাৱে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ এই তিনি ঠিকাদাৰৰ এটা প্ৰতিষ্ঠান হস্পিটালটি খণ্ডৰ লগতো জড়িত বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে এই তিনি ঠিকাদাৰৰ মালিকানাধীন প্ৰতিষ্ঠানসমূহে কলকাতাৰ কেইটামান ভুৱা প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা বুলি দেখুৱাইছিল তথা ঋণ পৰিশোধৰ নামত অসমৰ ঠিকাদাৰকেইজনৰ মালিকানাধীন প্ৰতিষ্ঠানকেইটাই বৃহৎ পৰিমাণৰ লাভাংশৰ ধন কলকাতাৰ ভুৱা প্ৰতিষ্ঠানকেইটালৈ প্ৰেৰণ কৰিছিল ৷

কিন্তু দৰাচলতে এনে কোনো ঋণ অসমৰ ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাই লোৱাই নাছিল ৷ এই ঋণৰ লেনদেন মাত্ৰ কাগজৰ যোগেদিহে কৰা হৈছিল যাতে অসমৰ ঠিকাদাৰী প্ৰতিষ্ঠান কেইটাৰ লাভৰ পৰিমাণ কৃত্ৰিমভাৱে কম কৰি দেখুৱাব পৰা যায় তথা লাভাংশৰ পৰিমাণ কম হলেই প্ৰতিষ্ঠানসমূহৰ দিবলগীয়া আয়কৰৰ পৰিমাণ হ্ৰাস হয় ৷ কিন্তু আয়কৰ বিভাগৰ তীক্ষ্ণ অনুসন্ধানত এই কথা এতিয়া পোহৰলৈ আহিছে যে কেৱল আয়কৰ ফাঁকি দিবলৈ এই ঋণৰ লেনদেনৰ ব্যৱস্থা মাত্ৰ কাগজৰ যোগেদি দেখুওৱা হৈছিল ৷ সেইবাবে আয়কৰ বিভাগে এতিয়া অসমৰ এই তিনি ঠিকাদাৰী প্ৰতিষ্ঠানৰ ওপৰত প্ৰায় ১০০কোটিৰ কৰ ফাঁকিৰ গোচৰ ৰুজু কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷