বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৮০০ ব্ৰিটিছ পৰ্যটক সোমাল

৮০০ ব্ৰিটিছ পৰ্যটক সোমাল

ৰাজস্থান চৰকাৰ চিন্তিত

জয়পুৰ,২৬ ডিচেম্বৰ : ব্ৰিটেইনত দেখা দিয়া নতুন ক’ভিড সদৃশ ভাইৰাছৰ পৰা ৰাজস্থানবাসীক মুক্ত কৰাটো ৰাজস্থান চৰকাৰৰ বাবে এক বেয়া সপোনৰ দৰে হৈছে ৷ কিয়নো শেহতীয়াকৈ ব্ৰিটেইনৰ পৰা বিগত সপ্তাহটোত  প্ৰায় ৮০০ পৰ্যটক আহি ৰাজ্যখনৰ ২৮ খন জিলাত প্ৰবেশ কৰিছে ৷ জয়পুৰ,আজমীৰ,কোটা,উদয়পুৰ,গংগানগৰ আদি অঞ্চলৰ বিভিন্ন পৰ্যটনস্থলী এই পৰ্যটকসকলেে” ইতিমধ্যে ভ্ৰমণ কৰিছে আৰু বহুতো স্থানীয় লোকৰ সংস্পৰ্শলৈ আহিছে ৷

ইয়াৰ আগতেও ৰাজস্থানত ক’ভিডৰ সংক্ৰমণ পৰ্যটকৰ পৰাই হৈছিল ৷ বিগত ২ মাৰ্চত ৰাজ্যখনত প্ৰথমগৰাকী ক’ভিড ৰোগী ধৰা পৰিছিল ৷ ৬৯ বছৰীয়া ইটালীৰ এগৰাকী পৰ্যটকৰ গাত এই ৰোগ ধৰা পৰাৰ পিছত তেওঁৰ লগত থকা বাকী ২৩ গৰাকী পৰ্যটকো ক’ভিড ৰোগত আক্ৰান্ত হৈছিল ৷

জয়পুৰৰ চিকিৎসা বিষয়া নৰোত্তম  শৰ্মাই কয় “ আমি ব্ৰিটেইনৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছোঁ ৷ প্ৰতি গৰাকী লোকৰ গতিবিধি পৰ্যবেক্ষণ কৰি থকা হৈছে আৰু তেওঁলোকক পৃথকে ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ ইতিমধ্যে তেওঁলোকৰ স্বোৱাব টেষ্টৰ বাবে নমুনাও সংগ্ৰহ কৰা হৈছে ৷  (IANS)