বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Business  / আয়েই নাই,ক’ৰপৰা দিব আয়কৰ

আয়েই নাই,ক’ৰপৰা দিব আয়কৰ

৩১ডিচেম্বৰৰ পূৰ্বে আয়কৰৰ হিচাপ দাখিল কৰাত ব্যাপক অনিশ্চয়তা

নতুন দিল্লী,২৭ডিচেম্বৰ: প্ৰত্যেক বছৰৰ দৰে ২০২০ বৰ্ষৰো আয়কৰ প্ৰদানৰ প্ৰয়োজনীয় হিচাপ-পত্ৰ দাখিলৰ অন্তিম দিন ৩১ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ৷ কিন্তু এক বৃহৎ সংখ্যক ব্যৱসায়ী প্ৰতিষ্ঠান তথা কৰদাতাৰ বাবে এই ৩১ডিচেম্বৰৰ অন্তিম সীমা এতিয়া মূূূৰৰ কামোৰণলৈ ৰপান্তৰিত হৈছে ৷

উল্লেখযোগ্য যে ’লোকেল চাৰ্কল’ নামৰ এক প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষাত দেশৰ প্ৰায় ৪১% ব্যৱসায়ীয়ে ৩১ডিচেম্বৰৰ পূৰ্বে আয়কৰৰ প্ৰয়োজনীয় হিচাপ পত্ৰ দাখিলত অসমৰ্থতাৰ কথা প্ৰকাশ কৰিছে ৷ এই ব্যৱসায়ীসকলে ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ৰ ব্যাপক লোকচান হোৱাৰ লগতে প্ৰতিষ্ঠানৰ বিভিন্ন শাখা তথা বিভাগ বন্ধ বা হ্ৰাস কৰাৰ বাবে গোটেই প্ৰক্ৰিয়াটোৰ পুংখানুপুংখকৈ হিচাপ মিলাই আয়কৰ প্ৰদানৰ নথিপত্ৰ দাখিল কৰিবলৈ অতিৰিক্ত যথেষ্ট দিনৰ প্ৰয়োজন হ’ব বুলি জনাইছে ৷ আনকি ব্যক্তিগত পৰ্যায়তো প্ৰায় ৪০% ব্যক্তিয়ে ৩১ডিচেম্বৰৰ ভিতৰত আয়কৰ প্ৰদানৰ প্ৰয়োজনীয় হিচাপ পত্ৰ দাখিলত অপাৰগতা প্ৰকাশ কৰিছে ৷

ক’ভিড সংক্ৰমণে চাকৰি তথা ব্যৱসায়ত ব্যাপক প্ৰভাৱ পেলোৱা বুলি মতপ্ৰকাশ কৰি এই সকল ব্যক্তিয়ে আয়কৰ বিভাগৰ পৰা অতিৰিক্ত সময় বিচাৰি আবেদন জনাইছে তথা ৩১ডিচেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্ৰ দাখিল নকৰিলে তেওঁলোকৰ ওপৰত কোনো জৰিমনা বিহা নহয়, তাৰো দাবী উত্থাপন কৰিছে ৷ উল্লেখযোগ্য যে ’লোকেলচাৰ্কল’ৰ এই সমীক্ষা দেশৰ বিভিন্ন অংশৰ এক বুজন সংখ্যক ব্যৱসায়ী তথা স্বনিয়োজিত ব্যক্তিৰ ওপৰত সমীক্ষা চলোৱা হৈছিল ৷ এই বৃহৎ সংখ্যক লোকৰ এই আবেদনৰ প্ৰতি আয়কৰ বিভাগে এতিয়া কি পদক্ষেপ লয়,সেইটো লক্ষণীয় হ’ব ৷