বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এইবাৰ ‘ জিৰ’ ইফেক্ট জিৰ’ ডিফেক্ট ‘

এইবাৰ ‘ জিৰ’ ইফেক্ট জিৰ’ ডিফেক্ট ‘

ভাৰতীয় সামগ্ৰী ব্যৱহাৰত গুৰুত্ব মোডীৰ

নতুন দিল্লী,২৭ ডিচেম্বৰ : ‘ভকেল ফৰ লোকেল’ৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহক জিৰ’ ইফেক্ট জিৰ’ ডিফেক্ট নীতিৰে বিশ্বৰ ভিতৰতে উন্নত মানৰ সামগ্ৰী নিৰ্মাণৰ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ লোৱা ‘মন কী বাত’ নামৰ অনুষ্ঠানটোৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় ৷ আমাৰ নিৰ্মাতাসকলে উন্নতমানৰ সামগ্ৰী নিৰ্মাণ কৰি আছে ৷ তেওঁলোকৰ এনে কাৰ্যই আমাক আত্মনিৰ্ভৰ ভাৰত গঢ়াত সহায় কৰিব বুলিও তেওঁ লগতে উল্লেখ কৰে ৷ যিকোনো এটা সামগ্ৰী নিৰ্মাণ কৰা সময়ত সদায় নিৰ্মাণকাৰ্যত ব্যৱহৃত সামগ্ৰীবোৰ উন্নত মানৰ ব্যৱহাৰ কৰিবলৈও তেওঁ নিৰ্মাতা সকলক আহ্বান জনায় ৷

জিৰ’ ইফেক্ট জিৰ’ ডিফেক্ট পলিচি কাৰ্যকৰী কৰাৰ বাবে এইটোৱেই উপযুক্ত সময় বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ ঘৰত ব্যৱহৃত সামগ্ৰী সমূহ আমাৰ দেশত প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া উচিত৷ই আমাক আত্মনিৰ্ভৰশীলতাৰ দিশত এখোজ আগুৱাই নিয়াত সহায় কৰিব বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে,প্ৰতিটো নববৰ্ষতে আমি কিছুমান নতুন সংকল্প গ্ৰহণ কৰোঁ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়”এইবাৰ আমাৰ নতুন বছৰৰ সংকল্প হোৱা উচিত যে আমি যাতে সদায় দেশত নিৰ্মিত সামগ্ৰীহে ব্যৱহাৰ কৰোঁ ৷ “