বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিডৰ মাজতে ‘বেলা’

ক’ভিডৰ মাজতে ‘বেলা’

লকডাউনৰ মাজতে বেলাৰ সন্ত্ৰাস ইংলেণ্ডত

লণ্ডন,২৭ ডিচেম্বৰ: সাগৰীয় ধুমুহা ‘বেলা’ৰ প্ৰভাৱৰ বাবে ইংলেণ্ডৰ নৰ্দান আয়াৰলেণ্ড, ছাউদাৰ্ণ স্কটলেণ্ড, ৱেলচ আদি অঞ্চলৰ লোকক স্থানান্তৰিত কৰিব লগা হৈছে ৷ বৰদিনৰ দিনা প্ৰায় ১৩ শ লোকক বেডফৰ্ডশ্বায়াৰৰ গ্ৰেট ঔউচিয়া নদীৰ কাষৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল ৷ অঞ্চলটোত বেডফৰ্ডশ্বায়াৰৰ অগ্নি নিৰ্বাপক বাহিনীকো সাজু কৰি ৰখা হৈছে ৷ বেডফৰ্ড বৰাফ কাউঞ্চিলে অৱশ্যে যি সকল লোকে ঘৰলৈ যাব বিচাৰিছে তেওঁলোকক যাবলৈ আহ্বান জনাইছে ৷ ইতিমধ্যে ইংলেণ্ডৰ বেডফৰ্ডশ্বায়াৰ অঞ্চলটোত ক’ভিডৰ নতুন বীজাণু সংক্ৰমণ আৰম্ভ হৈছে ৷ ইফালে এই সময়চোৱাত ইংলেণ্ডত কঠোৰ লকডাউন চলি আছে ৷ কিন্তু এই লকডাউনৰ মাজত ধাৰাষাৰ বৰষুণে ক’ভিড প্ৰট’কল মানি চলাত সাধাৰণ জনতাক সমস্যাত পেলাইছে ৷ (IANS)