মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / ক্ষমতাশালী বাবেই নম্বৰপ্লেটত জাতিৰ নাম !

ক্ষমতাশালী বাবেই নম্বৰপ্লেটত জাতিৰ নাম !

জাতিৰ নাম লিখা গাড়ী জব্দ কৰিছে পৰিবহন বিভাগে

লক্ষ্ণৌ,২৭ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ পৰিবহণ বিভাগে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ নম্বৰ প্লেটত নিজৰ জাতিৰ নাম উল্লেখ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে ৷ উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰায়সংখ্যক লোকেই তেওঁলোকৰ বাহনৰ নম্বৰ প্লেটত তেওঁলোকৰ জাতিৰ নাম স্পষ্টকৈ লিখিছিল ৷

উদাহৰণস্বৰূপে যাদৱ,জাট,ব্ৰাহ্মণ,ৰাজপুত,মৌৰ্য,লধী,ক্ষত্ৰিয় আদি জাতিৰ নাম নম্বৰ প্লেটত লিখি লোৱাটো গৌৰৱৰ বিষয় বুলি বিবেচনা কৰিছিল তেওঁলোকে ৷ এই পৰম্পৰা ৰাজ্যখনত আৰম্ভ কৰিছিল সমাজবাদী পাৰ্টিয়ে ৷ উদ্দেশ্য আছিল ক্ষমতাত থকা দলটোক প্ৰতিনিধিত্ব কৰা বুলি লিখি নিজকে ক্ষমতাশালী বুলি প্ৰতিপন্ন কৰা ৷ ইয়াৰ পিছত বহুজন সমাজবাদী পাৰ্টিৰ শাসনৰ সময়তো যাতৱ বুলি নিজৰ জাতিৰ নাম উল্লেখ কৰি গৌৰববোধ কৰিছিল যাতৱ সম্প্ৰদায়ৰ লোকসকলে ৷

ৰাজ্যখনৰ অতিৰিক্ত পৰিবহন আয়ুক্ত মুকেশ চন্দাই ৰাজ্যখনৰ সকলো জিলাৰ পৰিবহন বিষয়াক জাতিৰ নাম উল্লেখ থকা গাড়ী জব্দ কৰাৰ নিৰ্দেশ দিছে ৷ ‘মহাৰাষ্ট্ৰৰ এগৰাকী শিক্ষক হাৰ্চল প্ৰভুৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছিল যে এনেদৰে জাতিৰ নাম লিখা কাৰ্যই সমাজত অশান্তিৰ সৃষ্টি কৰিব ৷ প্ৰভুৰ এই অভিযোগ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি উত্তৰ প্ৰদেশ চৰকাৰলৈ এই বিষয়ত উপযুক্ত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এই নিৰ্দেশৰ পিছতেই গাড়ীবোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে উত্তৰ প্ৰদেশৰ পৰিবহন বিভাগে ৷ কানপুৰৰ জিলা পৰিবহন বিষয়া ডি কে ত্ৰিপাঠীয়ে কয়“ আমি প্ৰতি ১০০ খন গাড়ীৰ মাজত ২০ খন এনে গাড়ী পাইছোঁ আৰু সেই সকলো গাড়ী জব্দ কৰা হৈছে ৷ ”যোগী চৰকাৰৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা ক্ষত্ৰিয়,ৰাজপুত অথবা ঠাকুৰ বুলি তেওঁলোকৰ বাহনবোৰত লিখি নিজকে ক্ষমতাশালী বুলি প্ৰতিপন্ন কৰিব বিচৰাটো পৰিলক্ষিত হৈছে ৷ (IANS)