মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গৃহহীন মিৰ্জা গালিব !

গৃহহীন মিৰ্জা গালিব !

উৰ্দু কবিগৰাকীৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী তুলিলে গুণমুগ্ধই

আগ্ৰা,২৭ ডিচেম্বৰ: উৰ্দু কবি মিৰ্জা গালিবৰ আজি জন্মদিন উপলক্ষে তাজ চিটিত কবিজনৰ সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে স্মৰণ কৰা হয় ৷ আজিৰ অনুষ্ঠানটোত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিয়েই মিৰ্জা গালিবৰ দৰে এজন ব্যক্তিক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিবলৈ দাবী জনায় ৷ ১৭৯৭ চনত মিৰ্জা আচাদ উল্লা খান গালিবৰ জন্ম হৈছিল আগ্ৰাৰ কালান মহল অঞ্চলত ৷ পিছলৈ তেওঁ কাব্য চৰ্চাৰ বাবে দিল্লীলৈ গুছি গৈছিল ৷ তেওঁৰ কবিতাই হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰি আহিছে ৷

আগ্ৰা চহৰৰ যিকোনো এটা জনবহুল পথ তেওঁৰ নামেৰে নামাকৰণ কৰাৰ বাবেও বহুদিনৰ পৰাই দাবী উত্থাপিত হৈ আহিছে ৷ তেওঁক আদৰ্শ হিচাপে গ্ৰহণ কৰা যথেষ্ট সংখ্যক দেশী বিদেশী পৰ্যটকে গালিবৰ স্মৃতি বিজড়িত একো চাবলৈ নাপাই তেওঁৰ ককাকৰ ঘৰটো চাইয়ে তেওঁৰ অৱদানৰ ৰোমন্থন কৰে ৷ শ্বেক্সপীয়েৰৰ সমকক্ষ বুলি কৈ ব্ৰজ মণ্ডল হেৰিটেজ চ’ছাইটিৰ সভাপতি সুৰেন্দ্ৰ শৰ্মাই কয় “ চৰকাৰে এনে এজন লোকক গুৰুত্ব প্ৰদান নকৰিলে কাক গুৰুত্ব দিব ? তাজমহলৰ কাষতেই আচলতে এক স্মৃতিসৌধ নিৰ্মাণ কৰাৰ প্ৰয়োজন আছিল ৷” (IANS)