শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / নবেল প্ৰাপকে কৰিলে মাটি দখল !

নবেল প্ৰাপকে কৰিলে মাটি দখল !

আমৰ্ত্য সেনক মাটি দখলকাৰী সজালে বিশ্বভাৰতীয়ে

কলকাতা,২৭ ডিচেম্বৰ: নবেল বটা বিজয়ী আমৰ্ত্য সেনৰ বিৰুদ্ধে বিশ্বভাৰতী বিশ্ববিদ্যালয়ে উত্থাপন কৰা অভিযোগৰ তীব্ৰ বিৰোধিতা কৰিছে তৃণমূল কংগ্ৰেছকে ধৰি  ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱীয়ে ৷ আজি বিশ্বভাৰতীৰ এই অভিযোগৰ বিৰোধিতা কৰি ৰাজ্যখনৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী ব্ৰাত্যা বসুৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কলকাতাৰ অকাডেমী অব ফাইন আৰ্টৰ সন্মুখত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে কয়“ বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যৰ সাধাৰণ মানুহ সবাতোকৈ অধিক সমস্যাত পৰিব বুলি কোৱাটোৱে তেওঁৰ দোষ আছিল ৷ বিজেপিয়ে আমৰ্ত্য সেনৰ দৰে মানুহকো সন্মান কৰিব নাজানে”- এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখযোগ্য যে বিশ্বভাৰতীয়ে চৌহদৰ মাটি দখল কৰাৰ অভিযোগ তুলিছিল আমৰ্ত্য সেনৰ বিৰুদ্ধে ৷ আমৰ্ত্য সেন তথা তেওঁৰ পিতৃৰ পুৰণি বাসগৃহ বিশ্বভাৰতীৰ সমীপতে আৰু সেয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁ মাটি দখল কৰাৰ অভিযোগ তুলিছিল ৷ ইয়াৰ আগতেও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই মাটি বেদখলৰ লগত জড়িত হোৱা বুলি আমৰ্ত্য সেনলৈ আঙুলি টোওঁৱা বিশ্বভাৰতী কৰ্তৃপক্ষক সমালোচনা কৰি পত্ৰ প্ৰেৰণ কৰিছিল ৷ আজি এই প্ৰতিবাদত ৰাজ্যখনৰ কিইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷ তাৰ ভিতৰত বিশিষ্ট কবি জয় গোস্বামী,পেইন্টাৰ যোগেন চৌধুৰী,চলচ্চিত্ৰ নিৰ্মাতা অৰিন্দম শীল আদিয়ে প্ৰধান ৷