বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পুনৰ কেজৰিৱাল যাব সিংঘুলৈ

পুনৰ কেজৰিৱাল যাব সিংঘুলৈ

কৃষক আৰু সেনা দেশৰ ধৰণী বুলি ক’লে কেজৰিৱালে

নতুন দিল্লী,২৭ ডিচেম্বৰ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সিংঘু সীমান্তত প্ৰতিবাদী কৃষকসকলৰ লগত কীৰ্তন দৰবাৰত অংশ গ্ৰহণ কৰিব ৷ উল্লেখযোগ্য যে প্ৰতিবাদী কৃষকসকলে প্ৰতিবাদৰ সময়ত মৃত্যুবৰণ কৰা ৩৩গৰাকী কৃষকক শ্বহীদ ঘোষণা কৰিছে আৰু সেই উদ্দেশ্যে সাত দিনীয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি শিখ গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ ক্ৰমে চাহেবজাদা জাৰাৱাৰ সিং আৰু ফাতেহ সিঙৰ স্মৃতিত ২৭ আৰু ২৮ ডিচেম্বৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ৷

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে বিগত ১৪ ডিচেম্বৰত কৃষকসকলৰ লগত এদিনীয়া অনশন কাৰ্যসূচীতো অংশ লৈছিল ৷ কৃষক আৰু সৈনিক দুয়োটাই দেশৰ ধৰণী বুলি কৈ কেজৰিৱালে কয়“ তেওঁলোকৰ সুখটোক আমি প্ৰাধান্য দিয়া উচিত ৷ কৃষকসকল থাকিব লাগিছিল পথাৰত কিন্তু এতিয়া তেওঁলোক আছে পথত ৷ সঁচাকৈয়ে ই গ্ৰহণযোগ্য নহয় ৷ ”দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৃষকৰ প্ৰতিবাদৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে আনকি তেওঁ কৃষকসকলে ঘোষণা কৰা ভাৰত বন্ধৰো সম্পূৰ্ণ সমৰ্থন কৰিছিল ৷ (IANS)