মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Business  / North-east India  / মণিপুৰ শান্ত হ’ল !

মণিপুৰ শান্ত হ’ল !

এনডিএৰ দিনতহে শান্তি আহিল বোলে মণিপুৰত

ইম্ফল,২৭ ডিচেম্বৰ: “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ অন্তৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক সুকীয়া স্থান ৰাখি থৈছে ৷ সেয়ে তেওঁ যথেষ্ট পুঁজি এই অঞ্চলৰ বাবে মুকলি কৰি দিছে” -এনেদৰে কয় উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণৰত গৃহমন্ত্ৰী অমিত শ্বাহে ৷

আজি মণিপুৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি অমিত শ্বাহে কয়“ এনডিএ চৰকাৰ অহাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাত্মক বিকাশ হৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ অঞ্চললৈ ৪০ বাৰ আহিছে  আৰু ইয়াৰ পৰাই তেওঁৰ আন্তৰিকতাৰ বিষয়ে উমান পোৱা যায় ৷

”অসমৰ পৰা মণিপুৰলৈ অহা গৃহমন্ত্ৰী গৰাকীয়ে কয় যে এটা সময়ত মণিপুৰক জানিছিল সন্ত্ৰাসবাদী,অৱৰোধ,বোমা বিস্ফোৰণ ,অপহৰণৰ বাবে ৷ কিন্তু এনডিএ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত সকলো উগ্ৰপন্থী সংগঠনেই শান্তিৰ পথ বাচি লৈছে ৷ বৰ্তমানৰ বীৰেন সিং নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ উন্নয়ন যথেষ্ট খৰতকীয়া কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৷ তিনিদিনীয়াা ভ্ৰমণসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ অহা শ্বাহ আজি দিল্লীলৈ উভতি গৈছে ৷ (IANS)