বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মাওবাদীৰ বাবে পথ নিৰ্মাণ মন্থৰ !

মাওবাদীৰ বাবে পথ নিৰ্মাণ মন্থৰ !

প্ৰকৃত উন্নয়ন হ’বলৈ নিদিয়ে মাওবাদীয়ে

নতুন দিল্লী,২৭ ডিচেম্বৰ: ভাৰত চৰকাৰে বাওঁপন্থাত বিশ্বাস কৰা সন্ত্ৰাসবাদী সংগঠনৰ প্ৰভাৱ থকা এলেকাত পথ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ৷ পথ নিৰ্মাণ যথেষ্ট মন্থৰ গতিত চলা ৰাজ্য কেইখন ক্ৰমে ছত্তীশগড় আৰু তেলেংগানা ৷ ৯,৩৩৮ কিল’ মিটাৰ পথৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যদিও ইয়াৰে মাত্ৰ ২,৪৭৯ কিঃমিঃ পথহে এতিয়ালৈকে সম্পূৰ্ণ হৈছে ৷ সেয়ে উক্ত ৰাজ্য দুখন উন্নয়নৰ দিশৰ পৰা যথেষ্ট পিছপৰি আছে ৷ সন্ত্ৰাসবাদী অধ্যুষিত অঞ্চলত তেওঁলোকে জনসাধাৰণক প্ৰকৃত উন্নয়নৰ অংশীদাৰ কৰিব নোখোজাৰ বাবেই এনে সমস্যাৰ সৃষ্টি হোৱা বুলি এগৰাকী নাম প্ৰকাশত অনিচ্ছুক বিষয়াই উল্লেখ কৰে ৷ (IANS)