সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / যোগীৰো ‘প্ৰেম’ শিখলৈ

যোগীৰো ‘প্ৰেম’ শিখলৈ

শিখৰ অৱদানক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব যোগীয়ে

লক্ষ্ণৌ,২৭ ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শিখ গুৰুসকলৰ ত্যাগ আৰু সাহসক প্ৰশংসা কৰি কয় যে তেওঁৰ ৰাজ্যত পাঠ্যক্ৰমত শিখ গুৰুসকলৰ অৱদান,সাহস আৰু ত্যাগক সন্মান জনাই সেইয়া পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আজি ৰাজ্যখনত চাহেবজাদা দিৱসত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয় ৷ খালচা পন্থে আমাৰ হিন্দু ধৰ্ম সুৰক্ষাৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছিল ৷ সেয়ে হিন্দুক সুৰক্ষা দিয়া এইসকল লোকৰ বিষয়ে আমাৰ ভবিষ্যত প্ৰজন্মক আমি অৱগত কৰাৰ উদ্দেশ্যেই এই বিষয় সমূহ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হ’ব ৷ তেওঁ লগতে কয় যে গুৰু গোবিন্দ সিঙৰ চাৰিওজন পুত্ৰই হিন্দু ধৰ্মৰ সুৰক্ষাৰ বাবে যিখিনি কৰিছিল সেইখিনি সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হোৱা উচিত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰীৰ বাসভৱনত এইবাৰেই প্ৰথম ‘চাহেবজাদা দিৱস’ পালন কৰা হৈছে ,ইয়াৰ আগতে কেৱল ইফটাৰ পাৰ্টিহে মুখ্যমন্ত্ৰী বাসগৃহত অনুষ্ঠিত হৈছিল বুলিও তেওঁ উল্লেখ কৰে ৷ (IANS)