মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / লেহেমীয়া নিৰ্মাণ উন্নয়নৰ অন্তৰায়

লেহেমীয়া নিৰ্মাণ উন্নয়নৰ অন্তৰায়

লেহেমীয়া গতিত চলা বিভিন্ন চৰকাৰী নিৰ্মাণকাৰ্যই দেশৰ অৰ্থনীতিৰ প্ৰভুত ক্ষতি কৰিছে

২৭ ডিচেম্বৰ,নতুন দিল্লী: ভাৰতৰ দৰে এখন বিশাল গণতান্ত্ৰিক দেশত কেন্দ্ৰীয় তথা বিভিন্ন ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমুখী প্ৰকল্পৰ কাম লেহেমীয়া গতিত চলা নতুন কথা নহয় ৷ চৰকাৰী আমোলাতান্ত্ৰিক মেৰপেচ,ৰাজনৈতিক খাম খেয়ালি,নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ প্ৰতিষ্ঠানৰ হেমাহি, বিভিন্ন দল-সৎগঠন-প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদ ইত্যাদি কাৰকৰ বাবে চৰকাৰৰ বিভিন্ন প্ৰকল্প সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰয়োজনতকৈ অধিক সময়ৰ লয় ৷

ভাৰত চৰকাৰৰ পৰিসংখ্যা তথা প্ৰকল্প নিৰূপণ বিভাগৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি এনে এক বৃহৎ সংখ্যক লেহেমীয়া গতিত চলা চৰকাৰী প্ৰকল্পৰ বাবে চৰকাৰৰ ওপৰত ৪.৩ লাখ কোটি টকাৰ অতিৰিক্ত বোজা এই বছৰৰ ১ ডিচেম্বৰ পৰ্য্যন্ত আহিছে ৷ এই অতিৰিক্ত ভাৱে প্ৰয়োজন হোৱা পুঁজিৰ পৰিমাণ পূৰ্বৰ আঁচনিৰ তুলনাত প্ৰায় ২০% বেছি বুলি কেন্দ্ৰীয় চৰকাৰৰ এই বিভাগটোৱে জানিবলৈ দিছে ৷

উল্লেখযোগ্য যে এই বৃহৎ সংখ্যক অতিৰিক্ত পুঁজিৰ মাধামাৰ সৰ্বশেষত সাধাৰণ জনতাৰ ওপৰতেই পৰেহি,কাৰণ ৪.৩ লাখ কোটিৰ দৰে বিশাল অতিৰিক্ত পুঁজিৰ জোৰা মাৰিবলৈ চৰকাৰে বিভিন্ন কৰ কাটলৰে সাধাৰণ ৰাইজৰ পৰাই পুঁজি সংগ্ৰহ কৰিব লাগিব ৷ তাৰোপৰি এই বৃহৎ অতিৰিক্ত পুঁজিৰ ধন যোগান ধৰিবলৈ বাধ্য হোৱা বাবে নতুন জনকল্যাণকামী প্ৰকল্প বা আচঁনিৰ বাবে চৰকাৰৰ ওচৰত পুঁজিৰ অভাৱ হোৱা একো অস্বাভাৱিক নহয় ৷ সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা তথা প্ৰকল্প নিৰূপণ বিভাগে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত গভীৰ উদ্দেগ প্ৰকাশ কৰিছে ৷