বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অধীক্ষকৰ হত্যাকাৰী কৰায়ত্ত

অধীক্ষকৰ হত্যাকাৰী কৰায়ত্ত

দুধৰ্ষ মাওবাদী গেৰিলা আটক


ৰাঁচী,২৮ ডিচেম্বৰ : ঝাৰখাণ্ড আৰক্ষীয়ে আজি দুটা দুধৰ্ষ মাওবাদী গেৰিলাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ এই দুইটা গেৰিলাৰ মূৰৰ মূল্য দহ লাখকৈ ঘোষণা কৰিছিল ঝাৰখাণ্ড আৰক্ষীয়ে ৷ ইয়াৰ এটা মাওবাদী এজন আৰক্ষী অধীক্ষকৰ হত্যাৰ লগত জড়িত ৷ ধৃত মাওবাদী দুটাৰ পৰা দুটা ইনচাচ ৰাইফল,দুটা এছ এল আৰ, এক হেজাৰ ডিটনেটৰ আৰু বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ “মাওবাদী গেৰিলা প্ৰশান্ত দা ওৰফে সুৰয দা আৰু সুধীৰ ওৰফে চুলেমান কিচক’ক আজি কৰায়ত্ত কৰা হয় ৷ ২০১৩ চনত পাকুৰৰ আৰক্ষী অধীক্ষক অমৰজিত বালিহাৰৰ হত্যাৰ লগত তেওঁ জড়িত আছিল”-সন্থাল পৰাগণা ৰেঞ্জৰ ডি আই জি সুদৰ্শন মণ্ডলে এনেদৰে কয় ৷

(IANS)