মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / ‘ত্ৰিৰংগা যাত্ৰা’ ওলাল দিল্লীত

‘ত্ৰিৰংগা যাত্ৰা’ ওলাল দিল্লীত

এনএছ ইউ আয়ো ওলাল কৃষকৰ সমৰ্থনত


নতুন দিল্লী,২৮ ডিচেম্বৰ : কংগ্ৰেছ দলৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত নেশ্যনেল ষ্টুদেণ্টচ ইউনিয়ন অব ইণ্ডিয়া চমুকৈ এনএছ ইউ আয়ে দিল্লীত প্ৰতিবাদী কৃষকৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ এই প্ৰতিবাদক তেওঁলোকে ‘ত্ৰিৰংগা যাত্ৰা’ আখ্যা দি কংগ্ৰেছ কাৰ্যালয়ৰপৰা যন্তৰ মন্তৰলৈকে এক সমদল ওলিয়ায় আৰু কৃষকৰ প্ৰতিবাদৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্ৰকাশ কৰে ৷ সংগঠনটোৰ সভাপতি নীৰজ কুণ্ডনে কয়“ আমি এই প্ৰতীকি প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি কৃষকসকলৰ লগত আছো আৰু চৰকাৰে যদি এই প্ৰতিবাদক গুৰুত্ব নিদিয়ে তেন্তে আমি তেওঁলোকৰ লগত একেলগে প্ৰতিবাদ কৰিবলৈ ওলাই আহিম ৷ ”কুণ্ডনে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে পুঁজিপতিৰ সমৰ্থকৰ ভূমিকা লৈছে ৷ এই তিনিখন আইন উঠাই ল’বই লাগিব কাৰণ এই আইনে কৃষকৰ জীৱন দুৰ্বিষহ কৰি তুলিব ৷ ”