বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / দাবী একেই

দাবী একেই

ষষ্ঠবাৰৰ বাবে বহিব কৃষক

নতুন দিল্লী,২৮ ডিচেম্বৰ : ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সচিবৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰ প্ৰতিবাদকাৰী কৃষক সংগঠনসমূহলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰতিবাদী কৃষকৰ উমৈহতীয়া সংগঠনৰ নেতৃত্বই পুনৰবাৰ আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ পিছত চৰকাৰী পক্ষৰ পৰা এই পত্ৰ প্ৰেৰণ কৰা হয় ৷ উল্লেখযোগ্য যে এই বৈঠক  ষষ্ঠ বাৰৰ বাবে অনুষ্ঠিত হ’ব ৷ অহা ৩০ ডিচেম্বৰত বিজ্ঞান ভৱনত দিনৰ দুই বজাত অনুষ্ঠিত হ’ব এই বৈঠক ৷ অৱশ্যে কৃষক সংগঠনে কোনো কাৰণত দাবীসমূহৰ পৰিবৰ্তন নকৰে বুলি স্পষ্ট কৰি দিছে ৷