বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হ’ব সকলো চহৰ

ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হ’ব সকলো চহৰ

চালকবিহীন মেট্ৰ আৰম্ভ হ’ল

নতুন দিল্লী,২৮ ডিচেম্বৰ: ২১শতিকাৰ উন্নয়নৰ প্ৰতিফলন ঘটোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিশেষকৈ দেশৰ ৰাজধানী চহৰখন অৰ্থাৎ দিল্লীক সৰ্বাংগসুন্দৰ কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেৱল দিল্লীয়েই নহয় দেশৰ আন প্ৰধান চহৰসমূহকো ব্যৱসায়ৰ ঘাটি হিচাপে গঢ়ি তোলা হ’ব ৷ আজি ৰাজধানী চহৰত চালকবিহীন মেট্ৰ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এনেদৰে কয় ৷ তেওঁ লগতে কয়“ পুৰণি অট্টালিকাবোৰ নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নতুন কৰা হৈছে ৷ অৱশ্যে নগৰাঞ্চলত থকা বস্তি এলেকাৰ লোকসকলৰ জীৱন যাত্ৰাৰ মান উন্নত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ৷” (IANS)