বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাঙি পৰিছে পঞ্জাৱৰ অৰ্থনীতি

ভাঙি পৰিছে পঞ্জাৱৰ অৰ্থনীতি

ম’বাইল টাৱাৰ ধ্বংসকাৰীক কঠোৰ শাস্তিৰ নিৰ্দেশ

চণ্ডীগড়,২৮ ডিচেম্বৰ : কৃষকৰ প্ৰতিবাদৰ বাবে পঞ্জাৱৰ ম’বাইল সেৱা প্ৰায় ব্যাহত হৈ পৰিছে ৷ এতিয়ালৈকে ৰাজ্যখনৰ ১,৫৬১ টা ম’বাইল টাৱাৰত কৃষকসকলে বিদ্যুত যোগাযোগ ব্যাহত কৰাৰ ফলত ম’বাইল সেৱা বিছিন্ন হৈছে ৷ ৪৩৩ টা মবাইল টাৱাৰ ইতিমধ্যে কাৰ্যক্ষম কৰি তোলা হৈছে ৷ ইয়াৰে ২৫ টা টাৱাৰ সম্পূৰ্ণ ৰূপে ধ্বংস কৰি দিয়া হৈছে ৷ ম’বাইল টাৱাৰ ধ্বংস কৰাৰ ফলত প্ৰায় ১.২৫ লাখ দ্বাদশ শ্ৰেণীৰ ছাত্ৰছাত্ৰী পাঠ গ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে ৷

তদুপৰি সমগ্ৰ বেংকিং সেৱা বিকল হৈ পৰিছে ৷ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ লেনদেন বন্ধ হোৱাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে ৷ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই ধ্বংসকাৰ্যৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “ কৃষক সকলৰ বিদ্ৰোহে সমৰ্থন লাভ কৰি আছে কাৰণ তেওঁলোকে শান্তিপূৰ্ণভাৱে আন্দোলন অব্যাহত ৰাখিছে ৷ কিন্তু ধ্বংসাত্মক কাৰ্যক উচতনি দিলে সকলোৰে সমৰ্থন হেৰুৱাব ৷ ” (IANS)