বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মৰিয়াই মাৰিলে দুটাক

মৰিয়াই মাৰিলে দুটাক

ধনদাবী কৰিবলৈ অহা দুজন যুবকক হত্যা


পাটনা,২৮ ডিচেম্বৰ :
বিহাৰৰ সীতাৰমাহী জিলাত আজি স্থানীয় বাসিন্দাই মৰিয়াই হত্যা কৰিলে দুজন ধনদাবীৰ লগত জড়িত ব্যক্তিক৷চনু পাছোৱান আৰু সুৰয দাস নামৰ যুৱক দুজনে আজি দুপৰীয়া স্থানীয় এখন দোকানলৈ আহি ধন দাবী কৰে৷ধন দাবী কৰা দোকানখনৰ মালিক আছিল হোমগাৰ্ড উপেন্দ্ৰ যাদৱ ৷তেওঁলোকে ধন বিচৰাৰ লগে লগে তেওঁ সহায়ৰ বাবে চিঞৰ বাখৰ কৰাত কাষৰ গাৱঁৰ মানুহ ওলাই আহি উধাইমুধাই মৰিওৱাৰ ফলত দুইজন যুৱকে ঘটনাস্থলীতে প্ৰাণ ত্যাগ কৰে ৷ “আমি ইতিমধ্যে এক গোচৰ ৰুজু কৰিছোঁ ৷ তদন্ত অব্যাহত ৰাখিছোঁ ৷ দোষীক শাস্তি প্ৰদান কৰা হ’ব”- এনেদৰে কয় সীতাৰমাহী জিলাৰ আৰক্ষী অধীক্ষক সুজিত কুমাৰে ৷