বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / শিক্ষাক ধৰ্ম নিৰপেক্ষ কৰাৰ প্ৰথম খোজ

শিক্ষাক ধৰ্ম নিৰপেক্ষ কৰাৰ প্ৰথম খোজ

মাদ্ৰাছা বন্ধৰ বিধেয়ক উত্থাপন

গুৱাহাটী,২৮ ডিচেম্বৰ : অসম চৰকাৰে ৬২০ খন চৰকাৰী মাদ্ৰাছা বন্ধ কৰাৰ বাবে আজি সদনত বিল উত্থাপন কৰে ৷ অসমৰ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সদনত অসম মাদ্ৰাছা এডুকেছন (প্ৰভিনচিয়েলা ইজিশ্যন) ১৯৯৫ এক্ট বিধেয়কখন উত্থাপন কৰে ৷ “এই বিধেয়কখন গৃহীত হ’লে  চৰকাৰী খৰচত স্বাধীনতাৰ আগতেই মুছলিম লীগে আৰম্ভ কৰা ধৰ্মীয় শিক্ষাৰ পৰম্পৰাৰ অন্ত পৰিব ৷ ”আনহাতে,কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে ৷

এ আই ইউ ডি এফে আনকি এখোপ আগুৱাই কয় যে তেওঁলোকৰ দল অহা নিৰ্বাচনত শাসনলৈ অহাৰ পিছত অহা এপ্ৰিল মে মাহত পুনৰ এই মাদ্ৰাছাবোৰ খুলিব ৷ শিক্ষাক ধৰ্ম নিৰপেক্ষ কৰাৰ বাবেই এই ৬২০ খন মাদ্ৰাছা বন্ধ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ “এই বিধেয়ক গৃহীত হোৱাৰ লগে লগেে সকলো মাদ্ৰাছা সাধাৰণ বিদ্যালয়লৈ পৰিবৰ্তন হ’ব আৰু ৯৭ খন সংস্কৃত টোল কুমাৰ ভাস্কৰ বাৰ্মা বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব ৷

এই পৰিবৰ্তিত বিদ্যালয়বোৰত ভাৰতীয় সংস্কৃতি,ভাৰতীয় সাহিত্যৰ শিক্ষা প্ৰদান কৰা হ’ব আৰু এইবোৰৰ ওপৰত গৱেষণা কৰাৰ ব্যৱস্থাও থাকিব”-এনেদৰে কয় শিক্ষামন্ত্ৰী শৰ্মাই ৷ শৰ্মাই লগতে কয় ২৬০ কোটি টকা প্ৰতি বছৰে কেৱল মাদ্ৰাছা শিক্ষাৰ নামত ব্যয় হয় যিটো ৰাজহুৱা ধনৰ অপচয় ৷ শৰ্মাই লগতে কয় যে মাদ্ৰাছা শিক্ষা ব্যৱস্থাক বৰ্তাই ৰখা মানে মুছলিম লীগৰ প্ৰভাৱ একপ্ৰকাৰ বৰ্তাই ৰখা ৷ 

(IANS)