সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ১০০ সংখ্যক কিষাণ ৰেল উদ্বোধন

১০০ সংখ্যক কিষাণ ৰেল উদ্বোধন

এই ৰেলে পশ্চিমবংগৰ কৃষকক উপকৃত কৰিব

নতুন দিল্লী,২৮ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মহাৰাষ্ট্ৰৰ পৰা পশ্চিম বংগলৈ চলিবলগীয়া কিষাণ ৰেল উদ্ধোধন কৰি কয় যে চলন্ত ৰেলত এতিয়া পশ্চিমবংগৰ কৃষকে শীতলীকৰণ  ভঁৰাল লাভ কৰিব ৷ “ কৃষকৰ উৎপাদিত সামগ্ৰী এতিয়া আৰু নষ্ট হৈ নাযায় ” – মহাৰাষ্ট্ৰৰ চাংগালাৰৰ পৰা পশ্চিম বংগৰ চালিমাৰলৈ চলিবলগীয়া ১০০ সংখ্যক কিষাণ ৰেল উদ্ধোধন কৰি মোডীয়ে এনেদৰে কয় ৷

পথেৰে সামগ্ৰী কঢ়িয়াওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু সেয়ে কেঁচা শাকপাচলি পচি যোৱাৰ আশংকা থাকে বুলিও উল্লেখ কৰে মোডীয়ে ৷ এই ৰেল চলাৰ ফলত কৃষকসকলেই যে উপকৃত হ’ব তেনে নহয় বৰঞ্চ ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলো উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই কিষাণ ৰেলৰ সহায়ত পশ্চিম বংগৰ কৃষকৰ ওপৰিও মাছমৰীয়া আৰু পশুপালন ব্যৱসায়ৰ লগত জড়িত লোকসকলেও মহাৰাষ্ট্ৰৰ বজাৰত নিজৰ সামগ্ৰী বিক্ৰীৰ সুবিধা পাব বুলি লগতে উল্লেখ কৰে ৷ (IANS)