বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / ১৩৬ বছৰ হ’ল কংগ্ৰেছৰ

১৩৬ বছৰ হ’ল কংগ্ৰেছৰ

ছোনিয়া,ৰাহুল অবিহনে প্ৰতিষ্ঠা দিৱস পালন

নতুন দিল্লী,২৮ ডিচেম্বৰ: আজি কংগ্ৰেছ দলে ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে আকবৰ ৰ’ডত থকা দলটোৰ কাৰ্যালয়ত ৷ এই কাৰ্যসূচীত দলটোৰ অন্তৰ্বৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী,দলটোৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী উপস্থিত নাছিল আৰু সেয়ে দলৰ জ্যেষ্ঠ সদস্য এ কে এন্থনীয়ে দলৰ পতাকা উত্তোলন কৰে ৷

উক্ত কাৰ্যসূচীত আনসকলৰ লগতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰা উপস্থিত আছিল ৷ সাংবাদিকৰ আগত মুখামুখি হৈ প্ৰিয়ংকা গান্ধী বাদ্ৰাই কয়“চৰকাৰে কৃষকৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰাতো অত্যন্ত গৰিহণাৰ যোগ্য আৰু এই প্ৰতিবাদক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কোৱাটোও অত্যন্ত দুৰ্ভাগ্যজনক ৷ ”সীমান্তত পহৰা দিয়া সৈনাসকলো কৃষকৰে সন্তান বুলি উল্লেখ কৰি তেওঁ কয়“কৃষক সকল আমাৰ অন্নদাতা৷তেওঁলোকক অৱমাননা কৰা অনুচিত ৷

”উল্লেখযোগ্য যে ছোনিয়া গান্ধীয়ে বিগত কেইমাহমান নিজকে ৰাজহুৱা কাৰ্যক্ৰমণিকাৰ পৰা আঁতৰাই ৰাখিছে ৷ আনহাতে,ৰাহুল গান্ধীৰ অনুপস্থিত থকা সম্পৰ্কত দলৰ নেতা ৰণদীপ সিং সূৰ্যৱালাই কয়“ তেওঁ একেবাৰে কম সময়ৰ বাবে ভাৰতৰ বাহিৰলৈ গৈছে ৷ তেওঁৰ আইতাক গুৰুতৰভাৱে অসুস্থ হৈ থকা বাবে তেওঁ খবৰ ল’বলৈ গৈছে ৷ ”বিজেপি দলে ৰাহুল গান্ধীৰ এই ব্যক্তিগত ভ্ৰমণকলৈ তীৰ্যক মন্তব্য দিয়া বিষয়টো উল্লেখ কৰি সূৰ্যৱালাই কয় “ কাৰোবাৰ ব্যক্তিগত ভ্ৰমণক লৈ বিজেপিৰ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই ৷ তদুপৰি ৰাহুল গান্ধীয়ে নিজৰ সকলো দায়িত্ব চম্ভালি লৈ সুচাৰুৰূপে কৰি আছে ৷” (IANS)