সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গোৱা বিজেপিত সংঘাত

গোৱা বিজেপিত সংঘাত

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দলীয় কৰ্মীৰ

পানাজী,২৯ ডিচেম্বৰ : গোৱাৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে দলৰ কৰ্মীসকলক ৰাজহুৱা স্থান অথবা সংবাদমাধ্যমত দলীয় সতীৰ্থৰ বিৰুদ্ধে যিকোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে ৷ উল্লেখযোগ্য যে অলপতে অনুষ্ঠিত হোৱা জিলা পঞ্চায়ত নিৰ্বাচনত দলটোৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লক্ষ্মীকান্ত পাৰচেকাৰে দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰিছিল বুলি মন্দৰম ব্লকৰ মধু পৰৱেই এক সংবাদমেলত উল্লেখ কৰিছিল ৷ ৰাজ্যিক সভাপতি গৰাকীয়ে কয়“ কোনো জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে অভিযোগ দিবলৈ সংবাদমাধ্যমলৈ যোৱাৰ প্ৰয়োজন নাই ৷

বৰঞ্চ এনে ধৰণৰ অভিযোগ দলৰ মজিয়াতে সমাধান কৰা উচিত ৷ ” আনহাতে , প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “ তেওঁলোকৰ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ৷ গণভিত্তি নাই বাবে তেওঁলোক পৰাজিত হ’ল আৰু এতিয়া যি টি বকিবলৈ আৰম্ভ কৰিছে ৷ ” উল্লেখযোগ্য যে গোৱাত অনুষ্ঠিত জিলা পঞ্চায়ত নিৰ্বাচনত দলটোৱে ৪৯ খন আসনৰ ৩৩ খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ইয়াৰ আগতেও দলবিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ আছে ৷

(IANS)