মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Interiors  / থানাৰ অৱস্থা নিধিৰাম চৰ্দাৰৰ দৰে !

থানাৰ অৱস্থা নিধিৰাম চৰ্দাৰৰ দৰে !

গাড়ী,ফোন অবিহনে চলি আছে থানা

নতুন দিল্লী ২৯ ডিচেম্বৰ: দেশৰ আৰক্ষীৰ গৱেষণা আৰু উন্নয়ন বিভাগে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে ৷ বিভাগটোৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে সমগ্ৰ দেশত ১৬,৮৩৩ খন আৰক্ষী থানা আছে আৰু ইয়াৰে ১৪৩ খন থানাৰ কোনো ৱায়াৰলেছ বা মোবাইল সেৱাৰ ব্যৱস্থা নাই ৷ ইয়াৰ২৫৭ খন থানাৰ নিজা কোনো যানবাহন নাই ৷ অকল অন্ধ্ৰ প্ৰদেশতে ১,০২১ খন থানা আছে আৰু ইয়াৰে ১৩৫ খনৰ কোনো যানবাহন নাই ৷

আনহাতে, উত্তৰ প্ৰদেশৰ ৭৫ খন থানাৰ নাই নিজা কোনো যানবাহন ৷ মণিপুৰ আৰু মেঘালয়ৰ ৯ খনকৈ থানাতো কোনো যানবাহন নথকাৰ বিপৰীতে  হিমাচল প্ৰদেশৰ ৮ খনত,পঞ্জাৱৰ ৭ খনত,অসম,অৰুণাচল আৰু উৰিষ্যাৰ ৪ খনকৈ আৰু উত্তৰাখণ্ডৰ ২ খন থানাত কোনো যাতায়তৰ ব্যৱস্থা নাই ৷ অসমৰ ১৪১ খন থানাত টেলিফোন সেৱা নথকাৰ বিপৰীতে জম্মুত ৭৯ খনত,উত্তৰ প্ৰদেশত ৭৫ খনত,পঞ্জাৱৰ ৬৯ খনত,মণিপুৰৰ ৬৪ খনত,মেঘালয়ৰ ৬২ খনত,অৰুণাচলৰ ৫৪ খনত,নাগালেণ্ডৰ ৩৬ খনত,ছত্তীশগড়ৰ  ২৭ খনত,ত্ৰিপুৰাৰ ১৪ খনত ,লাক্ষাদ্বীপৰ ৫খনত আৰু উৰিষ্যাৰ ৩ খনত কোনো টেলিফোনৰ ব্যৱস্থা নাই ৷ বিভাগটোৰ আন এক সূত্ৰৰ মতে বহুতবোৰ থানাৰ আৰক্ষী হেডকোৱাৰ্টাৰৰ লগত যোগাযোগৰ কোনো ব্যৱস্থা নাই ৷ (IANS)