সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বংগত সমাবেশৰ প্ৰতিযোগিতা !

বংগত সমাবেশৰ প্ৰতিযোগিতা !

শুভেন্দুৰ বৃহৎ সমাৱেশ নন্দীগ্ৰামত

কলকাতা,২৯ ডিচেম্বৰ: তৃণমূল কংগ্ৰেছ ত্যাগ কৰি অলপতে বিজেপি যোগদান কৰা শুভেন্দু অধিকাৰীয়ে আজি তেওঁৰ সমষ্টি নন্দীগ্ৰামৰ পূব মেদিনীপুৰত এক বৃহৎ সমদলত অংশ লয় ৷ সমদলত অংশগ্ৰহণ কৰি তেওঁ কয় যে নন্দীগ্ৰামৰ মানুহৰ তেওঁৰ ওপৰত যথেষ্ট আশা আছে আৰু তেওঁ তেওঁৰ সমষ্টিৰ মানুহৰ লগত কথা পাতিয়েই তৃণমূল ত্যাগ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ “মই কেবিনেট মন্ত্ৰীৰ পদ ত্যাগ কৰাত যিদৰে নন্দীগ্ৰাম বাসীয়ে মোক সমৰ্থন কৰিছিল সেই একেধৰণৰ সমৰ্থন আগবঢ়াইছিল মই বিধায়ক পদ ত্যাগ কৰোতেও ৷

মই তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰোঁতেও আজি আৰ্শীবাদ দিবলৈ তেওঁলোক মোৰ ওচৰলৈ আহিছে ৷ আৰু তেওঁলোকৰ বাবেই মই এই পদক্ষেপ ল’বলৈ সাহস কৰিছোঁ ৷ ”এই সমাৱেশ ৮ জানুৱাৰীত অনুষ্ঠিত কৰাৰ কথা আছিল কিয়নো সেই সমষ্টিতে মমতা বেনাৰ্জীয়ে ৭জানুৱাৰীত তৃণমূল কংগ্ৰেছৰ এক বৃহৎ সমাৱেশ অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্তু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ক’ভিডত আক্ৰান্ত হোৱা বাবে সেই সমাৱেশ তৃণমূল কংগ্ৰেছে অনিৰ্দিষ্ট সময়লৈ পিছুৱাই দিয়াত অধিকাৰীয়ে এই সমাৱেশ আজিয়েই অনুষ্ঠিত কৰাৰ সিন্ধান্ত লয় ৷ (IANS)