সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / Neighbours  / বাচমতি চাউল কাৰ ?

বাচমতি চাউল কাৰ ?

সুগন্ধি বাচমতি চাউলক লৈ এইবাৰ পাক-ভাৰত যুদ্ধ

ইছলামাবাদ,২৯ডিচেম্বৰ: সমগ্ৰ বিশ্বজুৰি সুগন্ধি বাচমতি চাউল অত্যন্ত জনপ্ৰিয় ৷ সাধাৰণ চাউল যদিও পৃথিৱীৰ বহুত অঞ্চলত উৎপাদন হয়,বাচমতি চাউল কেৱল ভাৰত তথা পাকিস্তানতহে উৎপাদন হয় ৷ দুই দেশতে এইবিধ চাউল স্থানীয় ভাৱে যথেষ্ট জনপ্ৰিয় হোৱাৰ ওপৰিও বিদেশলৈও প্ৰচুৰ পৰিমাণে ৰপ্তানি হয় ৷ কিন্তু এতিয়া এই বাচমতি চাউলক লৈ পাক-ভাৰতৰ আন এক যুদ্ধ ইতিমধ্যেই আৰম্ভ হৈছে ৷

উল্লেখযোগ্য যে কোনো ভৌগোলিক অঞ্চলত এককভাৱে উৎপাদন হোৱা সামগ্ৰীৰ ক্ষেত্ৰত জিয়’গ্ৰাফিকেল ইন্দিকেশ্বন বা GI টেগ ব্যৱহাৰ কৰা হয় ৷ এই পদ্ধতিৰ দ্বাৰা এনে সততে আন অঞ্চলত উৎপাদন নোহোৱা সামগ্ৰীৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ তথা বজাৰত একে নামৰ নকলী সামগ্ৰী যাতে ক্ৰেতাক বিক্ৰী কৰিব নোৱাৰে,তাৰ বাবে সমগ্ৰ বিশ্বজুৰি এই GIটেগ বহুল পৰিমাণে ব্যৱহাৰ কৰা হয় ৷

ইতিমধ্যে ভাৰতে বাচমতি চাউলৰ বাবে GI ব্যৱস্থাৰ অধীনত নিজৰ দাবী সাব্যস্ত কৰিবলৈ যাবতীয় নথিপত্ৰৰ কাম আৰম্ভ কৰাই নহয়,আন্তৰাষ্ট্ৰীয় মঞ্চত এই সম্পৰ্কে ইতিমধ্যে আবেদনো দাখিল কৰিছে ৷ কিন্তু ভাৰতৰ এই আবেদন সংশ্লিষ্ট আন্তৰাষ্ট্ৰীয় মঞ্চত দেখাৰ লগে লগেই পাকিস্থানত হাহাকাৰ লাগে ৷ পাকিস্তানৰ চৰকাৰ তথা চাউল ব্যৱসায়ী সন্থাই ভাৰতৰ এই আবেদনৰ বিৰোধিতা কৰি যুক্তি দৰ্শাইছে যে কেবল ভাৰতক বাচমতি চাউলৰ GI টেগ দিয়া উচিত নহয় যিহেতু পাকিস্তানতো এইবিধ চাউলৰ প্ৰচুৰ পৰিমাণে উৎপাদন হয় ৷

তাৰোপৰি পাকিস্তানে প্ৰতি বছৰে প্ৰায় ২০০,০০০ কেজি বাচমতি চাউল ইউৰোপ তথা বিশ্বৰ আন দেশলৈ ৰপ্তানি কৰে বুলিও উল্লেখ কৰা হৈছে ৷ কিন্তু সমস্যাটো হ’ল যে পাকিস্তানৰ এতিয়ালৈকে আভ্যন্তৰীণ GIব্যৱস্থাৰ অধীনত কোনো সামগ্ৰীৰ পঞ্জীয়নৰ ব্যৱস্থা প্ৰৱৰ্তন হোৱাই নাই ৷ দীৰ্ঘদিনৰ পৰা দেশখনৰ চাউল তথা আন সামগ্ৰীৰ ব্যৱসায়ীসকলে চৰকাৰক GIব্যৱস্থাৰ অধীনত পঞ্জীয়ন কৰাৰ বাবে দাবী উথাপন কৰি আহিছিল ৷ ভাৰতৰ দ্বাৰা প্ৰখ্যাত তথা সুগন্ধি বাচমতি চাউলৰ GIটেগৰ আবেদনৰ পাছতেই পাকিস্তানেও খৰতকীয়াভাৱে বাচমতি চাউলৰ বাবে GI টেগৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে ৷