শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘বাহিৰা’ মানুহে অশান্তি আনিছে বংগলৈ

‘বাহিৰা’ মানুহে অশান্তি আনিছে বংগলৈ

কবিগুৰুৰ সপোন চূৰমাৰ কৰাৰ ষড়যন্ত্ৰ চলিছে

কলকাতা,২৯ ডিচেম্বৰ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ দলৰ পৰা বিজেপিলৈ যোৱা বিধায়কসকলক উদ্দেশ্যি আজি কয় “বিজেপিয়ে কেইজনমান বিধায়কক হয়তো নিব পাৰিব কিন্তু তৃণমূল কংগ্ৰেছক ক্ৰয় কৰিব নোৱাৰিব ৷ কাৰণ আমাৰ লগত আমাৰ সাধাৰণ ৰাইজ আছে ৷ ”কিছুমান বাহিৰৰ মানুহ আহি ৰাজ্যৰ পৰিৱেশ বেয়া কৰা বুলি উল্লেখ কৰি তেওঁ কয় “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শান্তি নিকেতনত গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হোৱা বুলি উল্লেখ কৰিছে যিখন কবিগুৰুৱে নিজে প্ৰতিষ্ঠা কৰিছিল ৷

বিভাজনৰ ৰাজনীতিৰ প্ৰবেশ ঘটাই বিশ্বভাৰতীক এক প্ৰকাৰ ধ্বংস কৰি পেলাব বিচৰা হৈছে ৷ আমি গুৰুজীৰ সপোন ধ্বংস হ’বলৈ দিব নোৱাৰোঁ ৷ আমি ইয়াক ইয়াৰ লক্ষ্যৰ পৰা বিচলিত হ’বলৈ দিব নোৱাৰোঁ”- এনেদৰে কয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ ৰবীন্দ্ৰনাথ ঠাকুৰে ‘সোণৰ বাংলা’ ইতিমধ্যে তৈয়াৰ কৰি গৈছে আৰু উত্তৰাধিকাৰী হিচাপে ইয়াক সুৰক্ষিত কৰাটো আমাৰ দায়িত্ব ৷ আৰু সেই দায়িত্ব ল’বলৈ আমাৰ তৃণমূল কংগ্ৰেছ দল সাজু ৷” (IANS)