বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভগৱানৰ ভেলাঘৰ !

ভগৱানৰ ভেলাঘৰ !

কৰ'না বিভিষীকাক প্ৰতিকী ৰূপত লৈ আমনিশালীত ভেলাঘৰ

নগাঁও,২৯ ডিচেম্বৰ: পদূলিমুখত অসমীয়াৰ চেনেহৰ ভোগালী বিহু। ভোগালী বিহুক আদৰিবলৈ ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰস্তুতি। সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰাকৰ’নাৰ বিভীষিকাৰ বাবেই এইবাৰ অসমীয়াই উদযাপন কৰিব নোৱাৰিলে চেনেহৰ ৰঙালী বিহুৰ লগতে বিভিন্ন উৎসৱ ,পাৰ্বন । শেহতীয়াকৈ কৰ’না আতংক কিছু হ্ৰাস পাইছে। সেয়ে এইবাৰ অসমীয়া ৰাইজ সাজু হৈছে হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ।

চেনেহৰ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতিও। ৰহাৰ আমনিশালীৰ থলুৱা শিল্পী ভগৱান সেনাপতিৰ এক সুকীয়া পৰিচয় আছে । প্ৰতি বছৰে অভিনৱ ভেলাঘৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰাৰ লগতে ৰাইজৰ দৃষ্টি আকৰ্ষণৰে বিভিন্ন পুৰস্কাৰ আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ভগৱান সেনাপতিয়ে এইবাৰো পুনৰ আৰম্ভ কৰিছে ভেলাঘৰ নিৰ্মাণৰ কাম।

বিগত বছৰবোৰত প্ৰকৃতি সুৰক্ষা, গঁড় সুৰক্ষা, শান্তি ৰক্ষা আদি বিভিন্ন আৰ্হি তথা বাৰ্তাৰে ভেলাঘৰ নিৰ্মাণ কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাভগৱান সেনাপতিৰ এইবাৰৰ বিষয়বস্তু হৈছে মহামাৰী কৰ’না। মহামাৰী কৰ’নাক প্ৰতীকি ৰূপত লৈ নিৰ্মাণ কৰিছে ভেলাঘৰ।ভেলাঘৰত প্ৰতিকী ৰূপত থাকিব কৰ’নাৰ বিভীষিকা আৰু ইয়াৰ প্ৰট’কল।

ইতিমধ্যে ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই এই অভিনৱ ভেলাঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ভগৱানে। কেৱল নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰি থকা এই ভেলাঘৰটো সম্পূৰ্ণ কৰোতে প্ৰায় পঞ্চাশ হাজাৰ টকা ব্যয় হ’ব বুলি ভগৱান সেনাপতিয়ে জানিবলৈ দিয়ে । লগতে শিল্পী গৰাকীয়ে ভেলাঘৰ নিৰ্মাণ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কয় “  হাতত  ধন নাই।

তথাপি মনৰ তাগিদাত পৰি ঘৰৰ হাঁহ, পুখুৰীৰ মাছ বিক্ৰী কৰি ভেলাঘৰৰ নিৰ্মাণ কাৰ্য চলাই গৈছো ৷ ”€ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিৰ্মাণ হৈ থকা এই ভেলাঘৰে বাটৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলিও সেনাপতিয়ে উল্লেখ কৰি লগতে কয় যে  বিগত বছৰবোৰৰ দৰে এইবাৰো নিশ্চয় এই ভেলাঘৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব। ইতিমধ্যে ভগৱান সেনাপতিয়ে ভেলাঘৰ নিৰ্মাণৰ কাম প্ৰায় ৭০ শতাংশ সমাপ্ত কৰিছে ।