মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ‘ভেকুলী’ৰ ভয়ত ‘পুখুৰী’ নাখান্দে ৰজনীকান্তে

‘ভেকুলী’ৰ ভয়ত ‘পুখুৰী’ নাখান্দে ৰজনীকান্তে

ৰাজনীতি নকৰে ৰজনীকান্তে

চেন্নাই,২৯ ডিচেম্বৰ: অভিনেতা ৰজনীকান্তৰ ৰাজনীতিৰ জগতত অভিষেকৰ বিষয়টোৱে তোলপাৰ লগাই থকা সময়তে আচম্বিতে অভিনেতাগৰাকীয়ে ঘোষণা কৰিছে যে তেওঁ ৰাজনীতিৰ জগতখনত প্ৰৱেশ নকৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ  ‘আন্নাতহে’ নামৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়ত চাৰি জন মানুহ কৰ’নাত আক্ৰান্ত হৈছে ৷ তাৰপিছত তেওঁৰ কৰ’না ৰিপৰ্ট নিগেটিভ আহিছিল যদিও ব্লাড প্ৰেছাৰ সঘনাই পৰিবৰ্তন হৈ থকাৰ বাবে শ্বুটিং বন্ধ ৰাখিবলগীয়া হৈছিল ৷

আজি অভিনেতাগৰাকীয়ে টুইটাৰত এক দীঘলীয়া টুইট কৰি লিখিছে এনেদৰে “প্ৰেছাৰ এনেদৰে আপডাউন হৈ থাকিলে মোৰ কিডনীৰ সমস্যাই দেখা দিব বুলি চিকিৎসকে জনাইছে ৷ মোৰ দুখ লাগিছে যে চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়ত মোৰ অসুখ হোৱা বাবে বহু কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হয় প্ৰযোজক যাৰ বাবে মই বৰ দুখিত ৷ সেয়ে মই ভাবিছো ,মোক চাগৈ ভগৱানে এক সকীয়নি প্ৰদান কৰিছে যে মই আৰু আগবঢ়া উচিত নহ’ব ৷

”অভিনেতাগৰাকীয়ে পুনৰ লিখিছে“মই আজি চছিয়েল মেডিয়াৰ জৰিয়তে অনুৰাগীৰ লগত মতবিনিময় কৰিব পাৰিছোঁ কিন্তু ৰাজনীতিত যোগদান কৰিলে সেইয়া সম্ভৱ নহ’ব ! সেয়ে মই ৰাজনীতিৰ পৰা আঁতৰি থকাৰ সিন্ধান্ত গ্ৰহণ কৰিছোঁ ৷” (IANS)