সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / Region  / হাতে লোটে ধৰা পৰিল উৎকোচ লৈ

হাতে লোটে ধৰা পৰিল উৎকোচ লৈ

জিএছটি বিষয়া উৎকোচ লৈ ধৰা পৰিল

ভুবনেশ্বৰ,২৯ ডিচেম্বৰ:কেন্দ্ৰীয় চোৰাংচোৱা বিভাগে আজি উৰিষ্যাৰ ৩ গৰাকী জিএছটি বিষয়াক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে ৷ উৰিষ্যাৰ ‘চেনচুৰিয়ান টেকন’লজী ইনষ্টিটিউট’ৰ গাণনিক বিষয়াৰ পৰা ১০ লাখ টকা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰিছে বিষয়া কেইজন ৷ জিএছটি বিষয়া কেইজন ক্ৰমে এন এন চাহু,প্ৰদীপ কুমাৰ আচাৰ্য,আৰ্তগভ অঞ্জন কৰ ৷ গাণনিক বিষয়াজনৰ পৰা নগদ ধনখিনি ল’বলৈ হোটেলত গৈ উপস্থিত হৈছিলগৈ বিষয়া কেইজন আৰু ধনখিনি হাতত লওঁতেই হাতে লোটে ধৰা পৰিল বিষয়া কেইজন ৷ ইতিমধ্যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই বিষয়া কেইজনৰ ঘৰতো তালাচী অভিযান অব্যাহত ৰাখিছে ৷ (IANS)