মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আৰোগ্য মেলা আৰম্ভ কৰিলে যোগীয়ে

আৰোগ্য মেলা আৰম্ভ কৰিলে যোগীয়ে

জনসাধাৰণৰ সেৱাৰ বাবে আৰম্ভ কৰিলে এই সেৱা

লক্ষ্ণৌ,৩০ ডিচেম্বৰ : কৰ’নাৰ বাবে উত্তৰ প্ৰদেশৰ আৰোগ্য মেলা বন্ধ কৰি ৰখা হৈছিল ৷ কিন্তু কৰ’না নিয়ন্ত্ৰণত অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ শাসনাধিষ্ঠিত যোগী আদিত্যনাথ  চৰকাৰে পুনৰ আৰোগ্য মেলা আৰম্ভ কৰাৰ সিন্ধান্ত লৈছে ৷

ৰাজ্য চৰকাৰৰ মুখ্য সচিব সঞ্জয় প্ৰসাদে ৰাজ্যখনৰ  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই আৰোগ্য মেলাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব আলোক কুমাৰে কয় যে যদিও ক’ভিড ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে তথাপিও কিন্তু ৰাজ্য চৰকাৰে ক’ভিড নিয়ন্ত্ৰণ ,টেষ্ট এইবোৰ বিষয়তো সমানেই গুৰুত্ব প্ৰদান কৰিব আৰু ক’ভিড ৰোগীক চিকিৎসা আগবঢ়াই যাব ৷ (IANS)