সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ঋণৰ নামত ঘৰৰ টিনপাত খোলা বন্ধ হ’ল

ঋণৰ নামত ঘৰৰ টিনপাত খোলা বন্ধ হ’ল

অসম চৰকাৰৰ দ্বাৰা মাইক্ৰ ফাইনেন্সক নাকী লগোৱাৰ ব্যৱস্থা

গুৱাহাটী,৩০ডিচেম্বৰ : বিগত বছৰসমূহত ভাৰতৰ আন বহু ৰাজ্যৰ দৰে অসমতো ৰঘুমলাৰ দৰে যথেষ্ট সংখ্যক মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানে ৰমৰমীয়া ব্যৱসায় কৰি অহাৰ সততে অভিযোগ উত্থাপন হৈছিল ৷ অত্যন্ত উচ্চ হাৰত সাধাৰণ গ্ৰাহকক ঋণ প্ৰদান কৰি পৰৱৰ্তী সময়ত এই বিত্তীয় প্ৰতিষ্ঠান সমূহে সুত তথা মূলধন আদায়ৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰায়ে শুনা গৈছিল ৷ বিশেষকৈ মহিলাসকলৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটসমূহে এনে মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান সমূহৰ পৰা উচ্চ সুতৰ হাৰত ঋণ লৈ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বাতৰিয়ে প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি অহা পৰিলক্ষিত হৈছিল তথা মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান সমূহক নাকী লগাবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন হৈছিল ৷

এই দাবীৰ প্ৰতি সহাৰি জনাই অসম চৰকাৰে এইবাৰৰ শীতকালীন অধিবেশনত অসম মাই্ক্ৰ ফাইনেঞ্চ আইন,২০২০ নামৰ এক নতুন আইন বিধানসভাত গ্ৰহণ কৰে৷ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কয় যে এতিয়াৰ পৰা মাইক্ৰ ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহে উচ্চ সুতৰ হাৰত ঋণ দিব নোৱাৰিব তথা ঋনৰ সুত,মূলধন আদায়ৰ ক্ষেত্ৰত গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰিব ৷ তাৰোপৰি এতিয়াৰে পৰা এই প্ৰতিষ্ঠান সমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সকলো নীতি নিয়ম পালন কৰি ৰিজাৰ্ভ বেংকে ধাৰ্য কৰা সুতৰ লগত সংগতি ৰাখিহে গ্ৰাহকক ঋণ প্ৰদান কৰিব পাৰিব ৷ আনহাতে, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই নতুন আইনৰ যোগেদি মহিলা সকলৰ দ্বাৰা পৰিচালিত ৰাজ্যখনৰ বহু হাজাৰ আত্ম সহায়ক গোট বহুল পৰিমাণে উপকৃত হোৱাই নহয় অসমৰ অৰ্থনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি মত প্ৰকাশ কৰে ৷