বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৃষকলৈ ‘লেৰেলা সাদৰ’

কৃষকলৈ ‘লেৰেলা সাদৰ’

কৃষকে অনা খাদ্য গ্ৰহণ কৰি মন ভুলোৱাৰ চেষ্টা মন্ত্ৰীৰ

নতুন দিল্লী,৩০ ডিচেম্বৰ : আজি প্ৰতিবাদী কৃষকসকলৰ লগত কেন্দ্ৰীয় চৰকাৰৰ ষষ্ঠ লানি বৈঠক অনুষ্ঠিত হৈছে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৷ আজি অনুষ্ঠিত হোৱা এই বৈঠকৰ সময়ত কৃষকসকলে অনা খাদ্য গ্ৰহণ কৰি  কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীয়ে পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা কৰা দেখা গ’ল ৷

কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,পীযুষ গোৱেল আৰু সোম প্ৰকাশে এই বৈঠকত আজি কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰি তাত অংশ লৈছে ৷ দুপৰীয়া আহাৰৰ সময়ত তিনিও গৰাকী মন্ত্ৰীকে একেলগেে শাৰী পাতি ঠিয় হোৱা দেখা গৈছিল ৷ কৃষক সংগঠনৰ হৈ মুঠ ৪১ জন নেতাই ইয়াত অংশ লৈছে ৷

তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি বিগত ২৬ নৱেম্বৰৰ পৰা কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ আগৰ বৈঠকত চৰকাৰে সংশোধনৰ কথা কৈছিল যদিও কৃষকসকলে এই আইন বাতিল হোৱাৰ দাবী তুলি আহিছে ৷ (IANS)