মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা বন্ধ

চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা বন্ধ

শিক্ষাৰ ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষতাৰ প্ৰমাণ দিলে অসম চৰকাৰে

গুৱাহাটী,৩০ ডিচেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি অন্ত পৰে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই অধিবেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হয় ৷ বিত্ত ,শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা শিক্ষা সম্পৰ্কীয় বিধেয়কখন সোমবাৰে উত্থাপন কৰিছিল আৰু আজি সেইখন গৃৃৃৃহীত হয় ৷ ৰাজ্যত চৰকাৰী ধনেৰে চলি থকা ৬১০ খন মাদ্ৰাছা বন্ধ হ’ল আৰু এই মাদ্ৰাছাবোৰ সাধাৰণ বিদ্যালয়লৈ পৰিবৰ্তন হ’ল ৷

২০২১ চনৰ ১ এপ্ৰিলৰ পৰা এই মাদ্ৰাছাবোৰত সাধাৰণ বিদ্যালয়ৰ দৰে শ্ৰেণীসমূহ আৰম্ভ হ’ব ৷ এই চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা মাদ্ৰাছা সমূহ বন্ধ কৰাৰ বাবে যোৱা ১৩ ডিচেম্বৰৰ কেবিনেটত সিন্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু আজি সদনত গৃহীত হয় ৷ মাদ্ৰাছা শিক্ষাৰ নামত বছৰি এক বৃহৎ পৰিমাণৰ চৰকাৰী ধন ব্যয় হৈ আছিল আৰু সেই ব্যয় হোৱা ধনৰ পৰিমাণ আছিল বছৰি ২৬০ কোটি টকা ৷

এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে এ আই ইউ ডি এফৰ বিধায়কসকলে ৷ আনকি এই বিধেয়কৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে বিৰোধী দল এ আই ইউ ডি এফে ৷ “এতিয়াৰপৰা চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহ’ব ৷

যদি মাদ্ৰাছা শিক্ষা ব্যৱস্থা প্ৰচলন হৈ থাকিব লাগে তেন্তে আন ধৰ্মৰ শিক্ষাও বিদ্যালয়ত চলিব লাগিব ৷ যিহেতু সেইটো গ্ৰহণীয় নহয় তেন্তে এটা বিশেষ ধৰ্মৰ শিক্ষা প্ৰদানৰ অনুমতি প্ৰদান কৰা নহ’ব”- এনেদৰে বিধেয়কৰ সমৰ্থনত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ গ্ৰন্থৰ উদ্ধৃতি দিয়ো তেওঁ কয় যে মাদ্ৰাছা লৈ শিক্ষাগ্ৰহণৰ বাবে অহা ছাত্ৰছাত্ৰীয়ে তাত পঢ়ি চিকিৎসক হোৱাৰ কথা ভাৱে বুলি এই গ্ৰন্থত লিখকে চৰজমিন তদন্তৰ ভিত্তিত উল্লেখ কৰিছে ৷

আনকি বহুসংখ্যক অভিভাৱকো এই ধৰ্মীয় শিক্ষাৰ বিষয়ে অৱগত নহয় ৷ বিৰোধী দল এ আই ইউ ডি এফে ভাৰতৰ বিভিন্ন প্ৰান্তত এনে শিক্ষানুষ্ঠান চলি থকাৰ বিষয়টো উল্লেখ কৰি প্ৰতিবাদ কৰিছিল যদিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উত্তৰত কয় “ ক’ত চলি আছে সেইটো আমাক নালাগে ,আমাৰ অসম চৰকাৰে ইয়াক বন্ধ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰ লগত জড়িত কোনো শিক্ষকৰ চাকৰি নাযায় ৷ আমি আৰবী শিক্ষা বন্ধ কৰা নাই ৷ তদুপৰি বেচৰকাৰী মাদ্ৰাছাসমূহ চলাত আমাৰ আপত্তি নাই ৷ ” উল্লেখযোগ্য যেচৰকাৰে সংস্কৃত টোল সমূহো বন্ধ কৰাৰ সিন্ধান্ত লৈছে ৷ সেই অনুসৰি সংস্কৃত টোলবোৰ কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ অধীনলৈ আহিব আৰু ইয়াত ভাৰতীয় সংস্কৃতিৰ শিক্ষা প্ৰদান কৰা হ’ব ৷ মাদ্ৰাছা প্ৰাদেশীকৰণ বিলৰ সংশোধনীক লৈ অসন্তুষ্ট এ আই উ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় “ আমি এই বিধেয়কৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিম ৷”