দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নীতিশৰ চৰকাৰত গণ্ডগোল

নীতিশৰ চৰকাৰত গণ্ডগোল

বিহাৰৰ শাসক দলৰ ১৭ জন বিধায়ক অসন্তুষ্ট

পাটনা,৩০ ডিচেম্বৰ : বিহাৰৰ বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলে ঘোষণা কৰিছে যে জনতা দল (ইউনাইটেড) ৰ ১৭ গৰাকী বিধায়কে তেওঁলোকৰ লগত যোগাযোগ অব্যাহত ৰাখিছে ৷ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা শ্যাম ৰজকে কয়“জনতা দল (ইউ) ৰ বিধায়কসকল বিজেপিৰ কাম কৰাৰ ষ্টাইলক লৈ অসন্তুষ্ট ৷ বিজেপিয়ে কোনো গুৰুত্ব প্ৰদান নকৰে জনতা দল ইউনাইটেডৰ বিধায়কসকলক ৷

প্ৰাক্তন মন্ত্ৰী ৰাজাকে কয় যে আমি সেইসকল বিধায়ককহে গ্ৰহণ কৰিম যিসকলে নিৰপেক্ষতা আৰু সমাজবাদক বিশ্বাস কৰিব ৷ আনহাতে জনতা দল (ইউ)ৰ মুখপাত্ৰ ৰাজীব ৰঞ্জনে কয় “আমাৰ দলত তেনে কোনো পৰিবেশৰ সৃষ্টি হোৱা নাই ৷ ৰাষ্ট্ৰীয় জনতা দলে নিজে নিজৰ দলটো ঐক্যবদ্ধ কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক৷”উল্লেখযোগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনত জনতা দল(ইউ) ৰ মিত্ৰজোটে ১২৫ খন আসন লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় জনতা দলে ১১০ খন আসন লাভ কৰিছিল ৷ (IANS)