বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শ্বল লৈ ক্ষমা খুজিলে সিদ্ধুৱে

শ্বল লৈ ক্ষমা খুজিলে সিদ্ধুৱে

ধৰ্মীয় প্ৰতীক থকা শ্বল লৈ সমস্যাত পৰিল সিদ্ধু

চণ্ডীগড়,৩০ ডিচেম্বৰ : আকল টাকেত’ৰ পৰা সকীয়নি লাভ কৰি ক্ৰিকেটাৰ তথা কংগ্ৰেছ দলৰ নেতা নৱজিৎ সিং সিদ্ধুৱে আজি তেওঁৰ অজানিতে কৰা ভুলৰ বাবে ক্ষমা বিচাৰে ৷ উল্লেখযোগ্য যে সিদ্ধুৱে গাত লোৱা শ্বলত শিখৰ ধৰ্মীয় প্ৰতীক আছিল আৰু এই পবিত্ৰ প্ৰতীক থকা শ্বল গাত লোৱা বাবে তেওঁ সমালোচিত হৈছিল ৷

‘আকল টাকেত’ হ’ল শিখসকলৰ ক্ষমতাশালী ধৰ্মীয় সংস্থা ৷ আনহাতে, সিদ্ধুৱে ক্ষমা প্ৰাৰ্থনা কৰি কয় “ সকলো শিখ নহয় এজন শিখেও যদি ইয়াৰ বাবে মনোকষ্ট পাইছে তেন্তে মই ক্ষমাপ্ৰাৰ্থী ৷”“ বহু লোকে এনে চিহ্ন থকা পাগুৰি পৰিধান কৰা দেখি মই পিন্ধিছিলোঁ ৷

ইয়াৰ বাবে যদি কোনো এজন ব্যক্তিয়েও অন্তৰত আঘাত পাইছে তেন্তে মই সঁচাই দুঃখিত ”- এনেদৰে কয় সিদ্ধুৱে ৷’ অকল টাকেত’ৰ যাথেদাৰ জ্ঞানী হৰপ্ৰীত সিঙে কালি এই ভুলৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ সিদ্ধুক আহ্বান জনাইছিল ৷ ‘ অকল টাকেত’ৰ যাথেদাৰ জনক নিযুক্তি দিয়া হয় আৰু তেওঁ যথেষ্ট প্ৰভাৱ ৷ (IANS)