সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / এমাজ’ন-ফ্লিপকাৰ্টক জাননী

এমাজ’ন-ফ্লিপকাৰ্টক জাননী

এমাজ’ন,ফ্লিপকাৰ্টৰ বিৰুদ্ধে চৰকাৰৰ আইনী পদক্ষেপ

নতুন দিল্লী,৩১ডিচেম্বৰঃ ভাৰতত বিগত বছৰসমূহত ই কমাৰ্চৰ ক্ষেত্ৰখনৰ দ্ৰুতগতিত প্ৰসাৰ হোৱা পৰিলক্ষিত হৈছে ৷ এক বুজন সংখ্যক গ্ৰাহকে এতিয়া এমাজ’ন,ফ্লিপকাৰ্টৰ যোগেদি নিজৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে, ইয়াৰ ফলস্বৰূপে সচৰাচৰ দোকানী তথা বেপাৰীসকলৰ ব্যৱসায় যথেষ্ট মন্দা অৱস্থালৈ গতি কৰাৰ ইংগিত পোৱা গৈছে ৷ এতিয়া এই দোকানী তথা বেপাৰীসকলৰ সংগঠন ’কনফেডাৰেছন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছে ’ ভাৰত চৰকাৰৰ ওচৰত এমাজ’ন ,ফ্লিপকাৰ্টৰ দ্বাৰা FDI (বিদেশী নিয়োগ নীতি) তথা Foreign Exchange Management Act(FEMA বা বৈদেশিক মুদ্ৰা বিনিময় নীতি)ৰ  উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংক,এনফৰছমেন্ট ডাইৰেক্টৰক এই প্ৰতিষ্ঠান দুটাৰ বিৰূদ্ধে তদন্তৰ নিৰ্দেশ দিছে ৷

এই সংক্ৰান্তত ’কনফেদাৰেছন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ’ ৰাষ্ট্ৰীয় সভাপতি বি চি ভাটিয়া তথা প্ৰধান সচিব প্ৰবীণ খান্দেলৱালে সংবাদ মাধ্যমক অৱগত কৰে যে তেওঁলোকৰ সংগঠনে ইতিমধ্যে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীযুষ গোৱেলক এই বিষয়ত অভিযোগ পত্ৰ দাখিল কৰিছে আৰু এই অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে ৷ তাৰোপৰি ২০২১বৰ্ষক “ভাৰতীয় ব্যৱসায় সন্মান বৰ্ষ” হিচাপে উদযাপন কৰি ই কমাৰ্চৰ দ্বাৰা ম্লান হৈ পৰা ভাৰতৰ বাণিজ্য ক্ষেত্ৰখন নিকা কৰাত গুৰুত্ব আৰোপ কৰা হ’ব বুলি বিষয়ববীয়া দুজনে উল্লেখ কৰে ৷