সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Bihar  / বিহাৰত অৰাজকতা !

বিহাৰত অৰাজকতা !

ঔৰংগবাদত হত্যা কৰিলে এজনক

ঔৰংগবাদ,৩১ডিচেম্বৰ: বিহাৰৰ জনতা দল ইউনাইটেডৰ সদস্য এজনক  বিহাৰৰ ঔৰংগবাদৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথত কেইজনমান লোকে মিলি মৰিয়াই মৰিয়াই হত্যা কৰি পিছত উক্ত ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷ মুফাচিল আৰক্ষী থানাৰ অন্তৰ্গত মুঞ্চীবিঘা গাঁৱৰ চন্দ্ৰবংশী নামৰ মানুহজন দীৰ্ঘদিনে জনতা দল ইউনাইটেডৰ সদস্য হিচাপে সক্ৰিয় ভূমিকা লৈ আছিল ৷ চন্দ্ৰবংশীৰ পৰিয়ালে জনোৱা অনুসৰি তেওঁক হত্যা কৰি লোক কেইজনে ব্যক্তিগত শত্ৰুতা শেষ কৰিব বিচাৰিছে ৷ ’ঔৰংগবাদৰ আৰক্ষী অধীক্ষক সুধীৰ কুমাৰ পৰিকে কয় “উক্ত ঘটনাৰ বিষয়ে আমি পুৱা ছয় বজাত জানিব পাৰিছিলো ৷ ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় জনসাধাৰণে পথটো বন্ধ কৰি দিছিল ৷ মৃতদেহৰ পষ্টমৰ্টেম কৰা হৈছে ৷ ঘটনাৰ তদন্ত চলি আছে ৷ দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব ৷” (IANS)