দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Politics  / ভিআইপিৰ পিছত দৌৰোতেই গৈছে আৰক্ষীৰ

ভিআইপিৰ পিছত দৌৰোতেই গৈছে আৰক্ষীৰ

১৯ হাজাৰ ভিআইপিক ৰখিবলৈ ৬৬ হাজাৰ নিৰাপত্তাৰক্ষী

নতুন দিল্লী,৩১ডিচেম্বৰ: দেশৰ ভিন্ন প্ৰান্তত ২০১৯চনৰ প্ৰথম ৬ মাহত ১৯ হাজাৰ ভিআইপিৰ সুৰক্ষাৰ বাবে মুঠ ৬৬ হাজাৰ আৰক্ষী নিয়োজিত হৈ আছিল ৷ দেশৰ সকলো মন্ত্ৰী,বিধায়ক,সাংসদ,ন্যায়াধীশ,আমোলা,বিষয়াৰ সুৰক্ষাৰ নামত এই বৃহৎ সংখ্যক আৰক্ষী তথা নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে ৷ আৰক্ষীৰ গবেষণা আৰু উন্নয়ন বিভাগে এই তথ্য প্ৰকাশ কৰিছে আৰু সকলোবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিআইপি সকলৰ লগত এই নিৰাপত্তা বাহিনীৰ লোকসকল নিয়োজিত হৈ আছে ৷

আজি বিভাগটোৱে প্ৰকাশ কৰা এক তথ্যত প্ৰকাশ যে  দেশৰ ১৯,৪৬৭ জন ভিআইপিৰ সুৰক্ষাৰ বাবে মুুঠ ৬৬,০৪৩ নিৰাপত্তা বাহিনীৰ লোক নিয়োজিত হৈছে ৷ ২০১৮ চনত ২১,৩০০ ভিআইপিৰ সুৰক্ষাৰ বাবদ মুঠ ৬৩,০৬১ জন নিয়োজিত হৈ আছে ৷ পশ্চিমবংগত ভিআইপি সুৰক্ষাৰ নামত সবাতোকৈ অধিক সুৰক্ষাকৰ্মী নিয়োজিত হৈ আছে ৷ ৰাজ্যখনত ৩,১৪২ জন ভিআইপিক সুৰক্ষাৰ নামত ৬,২৪৭ জন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে ৷ পশ্চিমবংগৰ পিছতেই পঞ্জাৱত অধিক সুৰক্ষা কৰ্মী নিয়োজিত হৈ আছে ৷ তৃতীয় স্থানত আছে বিহাৰ ,চতুৰ্থ স্থানত হাৰিয়ানা,পঞ্চম স্থানত  ঝাৰখাণ্ড,ষষ্ঠ স্থানত আছে অসম ৷ ৰাজধানী চহৰ দিল্লীত ৫০১ জন ভিআইপিৰ সুৰক্ষাৰ নামত  ৮,১৮২ জন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছে ৷ (IANS)