সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Entertainment  / Cinema  / কি পালে কি হেৰুৱালে আঞ্চলিক চলচ্চিত্ৰই

কি পালে কি হেৰুৱালে আঞ্চলিক চলচ্চিত্ৰই

আঞ্চলিক চলচ্চিত্ৰ উদ্যোগৰ উত্থান পতনৰ দলিল ৷ এই প্ৰতিবেদন যুগুতাইছে অনিন্দিতা আচাৰ্যই

কলকাতা,১ জানুৱাৰী : বিগত বৰ্ষটো উত্থান পতনেৰে ভৰা ৷ সমাজনীতি,অৰ্থনীতি,সাহিত্য,সংস্কৃতি,ব্যৱসায়,বাণিজ্য সকলো দিশতেই স্থবিৰতা আনি দিছিল বিগত বৰ্ষই ৷ অসমৰ মুখ্যমন্ত্ৰীৰ উপহাৰ-বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সংস্কৃতি জগত খনো সম্পৰ্ণ বিধ্বস্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচজন সংস্কৃতি ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীলৈ সাহায্য আগবঢ়াইছিল ৷ নতুন চিনেমা হল খোলা আৰু বন্ধ হৈ থকা হল মুকলি কৰাৰ বাবে অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ তৰফৰ পৰা এই সাহায্য আগবঢ়োৱা হৈছিল ৷

বলিউডত যদি চনু চুড,আঞ্চলিক ক্ষেত্ৰত দেৱ-মহামাৰীৰ মহা সন্ত্ৰাসৰ সময়তে দেৱে সামাজিক মাধ্যমৰ জৰিয়তে আৰ্তজনক সহায়ৰ হাত আগবঢ়াইছিল ৷ তাৰ ভিতৰত দুখীয়া,নিচলা জনক ঔষধৰ যোগান ধৰাৰ পৰা,ৰাছিয়াত লকডাউনত বন্দী হৈ থকা ছাত্ৰ ছাত্ৰীক নিজ ৰাজ্যলৈ ঘূৰাই অনাৰ পৰা,ক’ভিড ৰোগীৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰা আদি জনসেৱাৰ জড়িত চৰ্চিত হৈ পৰিছিল দেৱ ৷ আনকি তেওঁ ৰাজনীতিৰ উৰ্দ্ধত গৈ পশ্চিম মেদিনীপুৰৰ নিজৰ সাংসদৰ কাৰ্যালয়টো ক’ভিড ৰোগীৰ বাবে আইশ্ব’লেচন ৱাৰ্ড হিচাপে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছিল
মাৰাঠীৰ ভাল দিন-

আন সকলোবোৰ আঞ্চলিক চলচ্চিত্ৰ উদ্যোগৰ লগতে মাৰাঠী চলচ্চিত্ৰ উদ্যোগটোও বিগত বৰ্ষত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল যদিও মাৰাঠী চলচ্চিত্ৰৰ নিৰ্দেশক অনন্ত মহাদেৱনৰ ‘বিটাৰচুইট’ নামৰ চলচ্চিত্ৰখনে বুচান চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হয় ৷ এই চলচ্চিত্ৰখনৰ কাহিনীটো মহাৰাষ্ট্ৰৰ এজন উদ্যোগীৰ সঁচা জীৱন কাহিনীক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ৷
প্ৰেম আৰু বিবাহ-

মহামাৰীৰ সন্ত্ৰাসৰ মাজতো কেইবাজনো দক্ষিণৰ তথা পশ্চিমবংগৰ চলচ্চিত্ৰ জগতৰ অভিনেতা অভিনেত্ৰীয়ে বিবাহপাশত আৱদ্ধ হয় বিগত বৰ্ষত ৷ দক্ষিণৰ অভিনেত্ৰী কাজল আগৰৱালাই ব্যৱসায়ী গৌতম কিতচলুৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ দক্ষিণৰ নায়ক ৰাণা দাগুৱতীয়ে উদ্যোগপতি মিহিকা বাজাজৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ তামিল আৰু তেলেগু অভিনেতা মাহাত ৰাঘৱেন্দ্ৰই প্ৰাচী মিশ্ৰৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ উত্তম কুমাৰৰ নাতি গৌৰৱ চেতাৰ্জী দেৱলীনা কুমাৰৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ বঙালী চলচ্চিত্ৰ উদ্যোগৰ বাবে এই বছৰটোত অপূৰণীয় ক্ষতি হ’ল ৷

কেইবাজনো প্ৰসিদ্ধ ব্যক্তিয়ে চলিত বৰ্ষত মৃত্যুক সাৱটিলে ৷ সৌমিত্ৰ চেতাৰ্জীৰ মৃত্যু কেৱল বঙালী চলচ্চিত্ৰ জগতৰে নহয় সমগ্ৰ দেশৰ বাবেই এক বৃহৎ ক্ষতি হিচাপে পৰিগণিত হ’ল ৷ অভিনেতা মনো মুখোপাধ্যায়েও এই বৰ্ষতে মৃত্যুক সাৱটি লয় ৷ অভিনেতা তাপস পালে মৃত্যুক সাৱটি লয় এই বিগত বৰ্ষটোত ৷ আন এগৰাকী অভিনেতা অৰুণ গুহঠাকুৰতাও পৰলোকগামী হয় বিগত বৰ্ষত ৷ গায়িকা মানালী ঠাকুৰৰ পিতৃ শক্তি ঠাকুৰেও চলিত বৰ্ষত মৃত্যুক সাৱটি লয় বিগত বৰ্ষত ৷