সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভাল দিন আহিল

ভাল দিন আহিল

ভেকচিন ব্যৱহাৰত অনুমতি ভাৰতৰ

নতুন দিল্লী,১জানুবাৰী : বিগত বৰ্ষৰ ত্ৰাস মহামাৰী ক’ভিডৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত সমগ্ৰ পৃথিৱীতেই বিভিন্ন দেশে প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ ভাৰততো এই প্ৰতিষেধক প্ৰস্তুতৰ বাবে তিনিটাকৈ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

আজি নববৰ্ষৰ প্ৰথম দিনাই চেন্ট্ৰেল ড্ৰাগ ষ্ট্ৰেণ্ডাৰড কন্ট্ৰল অৰ্গেনাইজেশ্যনে কভিশ্বিলডৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে ৷ অক্সফৰ্ড – এক্সট্ৰাজেনেকাৰ যুটীয়া প্ৰচেষ্টাত কভিশ্বিলডৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷