সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৩ লাখ৭১ হাজাৰ শিশু ধৰালৈ আহিব আজি

৩ লাখ৭১ হাজাৰ শিশু ধৰালৈ আহিব আজি

শিক্ষা,স্বাস্থ্য আৰু সুৰক্ষাৰ দিশত গুৰুত্ব দিব ইউনিচেফে

নতুন দিল্লী,১ জানুৱাৰী: ইউনিচেফৰ এক সূত্ৰত প্ৰকাশ যে আজি অৰ্থাৎ নববৰ্ষৰ প্ৰথম দিনটোতে সমগ্ৰ বিশ্বত ৩,৭১,৫০৪ টা শিশুৱে পৃথিৱীৰ পোহৰ দেখা পাব ৷ ইউনিচেফৰ সূত্ৰটোৱে লগতে প্ৰকাশ কৰে যে এই বছৰৰ প্ৰথম শিশুটি ফিজিত জন্মগ্ৰহণ কৰিছে ৷ ভাৰতত আজিৰ দিনটোত ৫৯,৯৯৫ টা শিশুৰ জন্মৰ তথ্য থকাৰ বিপৰীতে চীনত ৩৬,৬১৫ টি,নাইজেৰিয়াত ২১,৪৩৯ টা শিশুৱে জন্ম লাভ কৰাৰ তথ্য আছে ৷ ২০২১ চনটোত ১৪০ মিলিয়ন শিশুৱে সমগ্ৰ বিশ্বত জন্মগ্ৰহণ কৰাৰ তথ্য আছে ৷ উল্লেখযোগ্য যে চলিত বৰ্ষত ইউনিচেফে ৭৫ বছৰত ভৰি দিব আৰু সেয়ে সংস্থাটোৱে শিশু সুৰক্ষা,শিশুৰ স্বাস্থ্য আৰু শিক্ষাৰ বিষয়টোত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিব ৷