শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৮ জানুৱাৰীৰ পৰা ইংলেণ্ডলৈ যাব পাৰিব

৮ জানুৱাৰীৰ পৰা ইংলেণ্ডলৈ যাব পাৰিব

বিমান উৰণ,অৱতৰণৰ বাধা আঁতৰিল

নতুন দিল্লী,১জানুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা ৮ জানুৱাৰীৰ পৰা পুনৰ বিমান সেৱা আৰম্ভ হ’ব ৷ আজি এই কথা প্ৰকাশ কৰে অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৷ উল্লেখযোগ্য যে বিগত ২৩ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে ইংলেণ্ডৰ পৰা অহা সকলো আন্তৰাষ্ট্ৰীয় বিমান উৰণ আৰু অৱতাৰণ বন্ধ ৰখা হৈছিল ৷ বিগত কেইটামান সপ্তাহত ইংলেণ্ডত নতুনকৈ কৰ’না সংক্ৰমণ বৃদ্ধি পাইছিল আৰু চিকিৎসকলে এই নতুন কৰ’না ভাইৰাছবিধ আগৰ তুলনাত অধিক সোনকালে সংক্ৰমিত হয় বুলি কোৱাৰ পিছতে দেশখনৰ পৰা  অহা সকলো বিমান অৱতাৰণ বাতিল কৰা হৈছিল ৷